আজি ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হোৱা তৃতীয়খন কেবিনেটত ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত কেতবোৰ সংস্কাৰ সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
- বড়োলেণ্ডৰ চাৰিখন জিলাৰ প্ৰশাসনৰ বাবে Welfare of Bodoland নামৰ এটা সুকীয়া বিভাগ গঠন কৰা হয় ৷ পূৰ্বতে বড়োলেণ্ডৰ প্ৰশাসনিক কাম-কাজ WPT বিভাগৰ অধীনত আছিল ৷
- অসম ষ্টাফ কলেজৰ আৰ্হিত বড়োলেণ্ডত Bodoland Staff College স্থাপন কৰাৰ সিদ্ধান্তও ডঃ শৰ্মাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৷
- কুশল কোৱৰ বৃদ্ধ পেন্সন, ইণ্ডিৰা মিৰি বিধৱা পেন্সন বাবে পূৰ্বে বিত্ত বিভাগলৈ চিলিং পঠিয়াব লগাৰ ব্যৱস্থা আছিল। বৰ্তমান সেই নিময় বাতিল কৰা হয়। ইয়াৰ পৰিবৰ্তে জ্যেষ্ঠ সচিবেই এতিয়াৰ পৰা মুকলি কৰি দিব পাৰিব।
- দীনদয়াল দিব্যাংগ যোজনাৰ ফাইলো সমাজ কল্যাণ বিভাগলৈ পঠিয়াব নালাগে ৷
- মাহৰ দহ তাৰিখে পেন্সনৰ টকা পাব হিতাধিকাৰীয়ে ৷ বেংক একাউণ্টত জমা হ’ব হিতাধিকাৰী টকা ৷