ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী সঞ্জয় কিষানৰ চাহ বাগিছা ভ্ৰমণ

0 309

অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ বাবে সদা জাগ্ৰত প্ৰহৰি হৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা মন্ত্ৰী সঞ্জয় কিষানে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি উপস্থিত হয় তিনিচুকীয়া জিলাৰ বিভিন্ন চাহ বাগিছা এলেকা সমূহত ।
ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী সঞ্জয় কিষানে এই ভ্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ।


সদায় দৰিদ্ৰতাৰ সৈতে যুঁজি থকা চাহ জনগোষ্ঠীৰ শ্ৰমিক সকলে ক’ভিড পৰিস্থিতিত যাতে মোকাবিলা কৰিব পাৰে তাৰ বাবে সকলো ধৰণৰ সু-ব্যৱস্থা লোৱা দেখা গৈছে

শ্ৰমজীৱি চাহজনগোষ্ঠী লোকসকলে যাতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত যিকোনো পৰিস্থিতিৰ মূল্যৰ বিনিময়ত ৰোধ কৰিব পাৰে তাৰ বাবে সজাগতা কৰিব পাৰে তাৰে পোষকতা কৰি মন্ত্ৰী সঞ্জয় কিষানৰ আজিৰ ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল মাস্ক বিতৰণ কৰাটো ।

শ্ৰমিক সকলক লগ কৰি মাস্ক বিতৰণ কৰাৰ লগতে সজাগতা মূলক বৈঠকত ভাষণ প্ৰদান কৰে মন্ত্ৰী সঞ্জয় কিষানে ।আজি বিশেষকৈ তিনিচুকীয়াৰ কেহাং চাহ বাগিছাত উপস্থিত মন্ত্ৰী সঞ্জয় কিষান আৰু শ্ৰমিকসকলক কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ আৰু ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ হোৱাৰ আহ্বান জনায় জনায় ।শ্ৰমিক সকলক মাস্ক বিতৰণ কৰি চাহ বাগিছাৰ পৰিচালকৰ লগত কভিড-১৯ ওপৰত বিশেষভাবে আলোচনা কৰে ।

media school
Leave A Reply

Your email address will not be published.