দৰঙৰ খাৰুপেটীয়াত ভেকচিন দিয়াৰ নামত কভিড প্ৰ’টকল উলংঘা।

0 1,850

সমগ্র ৰাজ্যৰ লগতে দৰং জিলাতো কভিড মহামাৰী দ্রুত সংক্ৰমণ অব্যাহত আছে।সমান্তৰালকৈ খাৰুপেটীয়াতো দৈনিক বৃদ্ধি পায়ে আছে কভিড আক্রান্তৰ সংখ্যা । খাৰুপেটীয়া নগৰৰ শৈলাৱালা হাইস্কুলত ভেকচিন দিয়াৰ নামত উলংঘা কৰিছে কভিড প্ৰ’টকল।


আজি পুৱাৰ ভাগত স্কুলখনত ভেকচিন লব আহি বহু লোকে ভিৰ কৰিছে। যেন কভিড ভয়াবহতাৰ নাই কোনো সামান্য জ্ঞান। নাই কোনো সামাজিক দূৰত্ব, কিছুমানৰ মাস্ক আছে যদিও নাক মুখ উলিয়াই ডিঙিত মেৰিয়াই থোৱা দেখা গল। হাইস্কুলখনত ১৮ উৰ্ধৰ লোকক দিয়া হৈছে ক’ভিড ভেকচিন।

স্বাস্থ্যকৰ্মীয়ে জনোৱা মতে আজি ২০০ জন লোকক কভিড ভেকচিন দিয়াৰ উদ্দেশ্যৰে পুৱাৰে পৰা আৰম্ভ কৰিছে এই ভেকচিন দিয়া প্ৰক্ৰিয়া।

media school
Leave A Reply

Your email address will not be published.