বকোত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ।

0 786

ক’ৰোণা কালৰ কোভিড প্ৰ’টকল তথা চৰকাৰী সান্ধ্য আইন মানি চলা দক্ষিণ কামৰূপৰ বকোত আজি দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে একাংশ মানৱতাবাদী লোকে। জানিব পৰা মতে, বকো সমষ্টিৰ অসম গণ পৰিষদৰ নেত্ৰী তথা নগৰবেৰা জিলা পৰিষদ সদস্যা হিমাদ্ৰী পাঠক আৰু ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উপ সভাপতি বিক্ৰম কলিতাৰ নেতৃত্বত সম্পূৰ্ণ ব্যক্তিগত ভাৱে আজি খাদ্য সামগ্ৰী সমুহ বিতৰণ কৰে।

উল্লেখ্য যে ; বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো ৰাজহ চক্ৰৰ অধীনৰ কালিয়াবড়ী , খামাৰ , টেপছিয়া, হালধিপাৰা আদিকে ধৰি কেইবাখনো গাওঁৰ মুঠ ৫০ ঘৰ দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিব দিয়ে হিমাদ্ৰী পাঠক আৰু বিক্ৰম কলিতাই। ইফালে এসপ্তাহ জোৰা খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ আজিৰে পৰা শুভাৰম্ভ কৰে। বিশেষকৈ খাটি খোৱা ঠেলা – ৰিক্সা চালক, দিন হাজিৰা কৰা লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি জানিব দিয়ে।

কৰোণা মহামাৰীৰ সময়ত দিনৰ ১২ বজাতে ঘৰ সোমাব লগীয়া হোৱাত দিন হাজিৰাৰ পৰা বঞ্চিত হোৱা দেখি এই পদক্ষেপ লোৱা হৈছে বুলি জানিব দিয়ে। খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত অগপ নেত্ৰী হিমাদ্ৰী পাঠক , দক্ষিণ কামৰূপ জিলা বি জে পিৰ কিষাণ মৰ্চাৰ উপ সভাপতি বিক্ৰম কলিতাৰ লগতে বি জে পিৰ যুৱ কৰ্মী কনক কুমাৰ , লাচিত কলিতা , শৈলেন ৰাভা, বদন বড়ো, মুহিন দাস , ধ্ৰুৱ কলিতা আৰু বাপণ ৰয়ে মিলি ব্যক্তিগত ভাৱে দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.