ভাস্কৰ্য শিল্পৰে আকাশ চোৱাৰ মন চতিয়াৰ মনজিৎ হাজৰিকাৰ

0 438

প্ৰবল আত্মবিশ্বাস আৰু কষ্টৰে ভাস্কৰ্য শিল্পত মনোনিবেশ কৰা চতিয়াৰ এগৰাকী যুৱ ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকা।প্ৰয়াত পিতৃ ভৱেণ হাজৰিকাৰ পদাংক অনুকৰণ কৰিয়েই ভাস্কৰ্য শিল্পত মনোনিবেশ কৰি স্বাবলম্বিতাৰ পথো বাচি লোৱা এই গৰাকী শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন প্ৰকাৰৰ মুখা,মূৰ্তি, নামঘৰৰ গুৰু আসন ,সিংহাসনকে ধৰি সত্রীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন আচবাব।

এইগৰাকী যুৱ ভাস্কৰ্য শিল্পীৰ প্ৰতিভা ইতিমধ্যে বহু স্থানত চৰ্চিত হৈ পৰিছে ।যুৱকজনৰ শিল্পৰ প্ৰতিভা উজ্বলিছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সুদূৰ ইংলণ্ড,আমেৰিকা আৰু জাৰ্মানীটো।

ঘৰতে তৈয়াৰ কৰে তেওঁ কাঠৰ আচবাব সমূহ ,অসমৰ লগতে বিভিন্ন ঠাইলৈ এই আচবাব বিক্ৰীৰ বাবে পঠিয়াই যদিও যথাচিত মূল্যৰ অভাৱত বৰ্তমান আৰ্থিক সংকটত পৰিছে এই গৰাকী উঠি অহা ভাস্কৰ্য শিল্পী ।

ভাস্কৰ্য শিল্পৰে আকাশ চোৱাৰ মন এই গৰাকী যুৱ ভাস্কৰ্য শিল্পীক যদি অনাগত দিনত চৰকাৰৰ ফালৰ পৰা আৰু অধিক সা-সুবিধা প্ৰদান কৰে তেন্তে এইগৰাকী প্ৰতিভা সম্পন্ন যুৱ ভাস্কৰ্য শিল্পীয়ে আৰু অধিক প্ৰতিভা বিকাশিত কৰাত সুযোগ লাভ কৰিব ।

media school
Leave A Reply

Your email address will not be published.