কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

0 24,074

দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন।

বিশ্বনাথ চাৰিআলিৰ পৰা যোৰহাট আভিমুখে গৈ আছিল নাহিদৰ পিতৃ-মাতৃ।দেৰগাঁৱৰ দাধৰা পথাৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।দেৰগাঁও আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰিছে ঘটনাস্থলীৰ পৰা ।

পথৰ কাষত থকা গাতত সোমাই নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল নাহিদ আফ্ৰিনৰ পিতৃৰ চেণট্ৰ’ গাড়ীখন।

দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দুয়োকে। চিকিৎসকৰ দলে চিকিৎসা আৰম্ভ কৰিছে নাহিদ আফ্ৰিনৰ পিতৃ আনোৱাৰ আনচাৰী আৰু মাতৃ ফাতেমা আনচাৰী

media school
Leave A Reply

Your email address will not be published.