ক্ৰমাৎ বৃদ্ধি পাইছে নিবনুৱা সমস্যা ,জীৱিকা হেৰুৱালে ১কোটি লোকে

0 2,423

কৰোনা মহামাৰীৰ দ্বিতীয় লহৰে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰি ,সামাজিক ,অৰ্থনৈতিক ,পাৰিবাৰিক আদি সকলো ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ।ইতিমধ্যে দেশত কেইবালাখ লোকৰ প্ৰাণ কাঢ়ি নিয়া কোভিড সংক্ৰমণৰ দ্বিতীয়টো লহৰৰ বাবে ১কোটি ভাৰতীয় কৰ্মহীন হৈছে।

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন’মিৰ এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে ।এপ্ৰিল মাহত প্ৰায় ৮% কিন্তু চলিত মাহত ১২%পৰ্যন্ত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ।

চি এম আই ইয়ে এক জৰীপৰ মতে এপ্ৰিল মাহত প্ৰায় ২লাখ লোকে জীৱিকাৰ সন্ধানত হতাশ হবলগীয়া হৈছে । চলিত বৰ্ষত প্ৰায় ৫৫শতাংশৰ উপাৰ্জন হ্ৰাস পাইছে ।লকডাউন দীৰ্ঘদিনলৈ বৃদ্ধি পালে জীৱিকা হেৰুৱা লোকৰ সংখ্যা বৃদ্ধি পাব ।

media school
Leave A Reply

Your email address will not be published.