বিশ্ব সংবাদ কেন্দ্র, অসমৰ ইতিবাচক অন্বেষণ-এক ব্যাখ্যান শৃংখল শীর্ষক বক্তৃতা অনুষ্ঠানত ড: পীতাম্বৰ দেৱগোস্বামী।

0 548

কৰ’না কালত পালন কৰা নিয়ম সমূহ সত্ৰ-নামঘৰৰ গ্ৰাম্য জীবনৰে পৰম্পৰাৰ অন্তৰ্ভুক্ত।

এই বিশ্বজুৰি মহামাৰী কালত বিজ্ঞানী, চিকিৎসক সকলে যি সমূহ নীতি নিয়ম পালনৰ বাবে আহ্বান কৰিছে সেই নীতি নিয়ম সমূহ অসমৰ সত্ৰ,নামঘৰৰ জীৱন,গ্ৰাম্য জীৱনৰ পৰম্পৰা আছিল !!
মুখমণ্ডল ঢাকি খাদ্য বিতৰন কৰা সত্ৰীয়া,নামঘৰীয়া পৰম্পৰা অতীজৰে পৰা চলি আহিছে ! এই অভিমত মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট গবেষক ড: পীতাম্বৰ দেৱগোস্বামীৰ। বিশ্ব সংবাদ কেন্দ্র, অসমৰ উদ্যোগত কৰ’না মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ ইতিবাচক অন্বেষণ-এক ব্যাখ্যান শৃংখল শীর্ষক ভাৰ্চুৱেল বৌদ্ধিক কাৰ্যক্ৰম আজিৰে পৰা আৰম্ভ হৈছে। উক্ত ব্যাখ্যান শৃংখলৰ আজি সন্ধিয়া ৭ বজাত শুভ বাণী ভাষন প্ৰদান কৰি সত্ৰাধিকাৰ গৰাকীয়ে পুনৰ কয় যে,
সত্ৰ,নামঘৰৰ আধ্যাত্মিক অনুষ্ঠান সমূহত সকলোৱে নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা আছে যিটো আজিৰ মহামাৰীৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাই আহ্বান হৈ পৰিছে !!

সদাচাৰী,সংযমী আৰু আধ্যাত্মিকতাৰ অবিহনে সত্ৰীয়া জীৱন সম্পূৰ্ণ হব নোৱাৰে বুলি উল্লেখ কৰি বিশিষ্ট গবেষক গৰাকীয়ে কয় যে, কৰোনা কালত লৱলগীয়া সাবধানতা সমূহ সত্ৰীয়া জীৱনৰ এই ধাৰাত সোমাই আছে ! প্ৰকৃতিৰ লগত মানব সমাজৰ সংঘাতৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতা নষ্ট হৈছে বুলি সদৰি কৰি তেখেতে ভাষন প্ৰসংগত পুনৰ কয়, প্ৰকৃতিৰ ৰীতিক সন্মান জনোৱা মানব সমাজৰ নৈতিক দায়িত্ব আৰু কৰ্ত্তব্য !! কৰোনাৰ বিৰুদ্ধে যুজিবলৈ একমাত্ৰ অস্ত্ৰ হৈছে সাবধানতা বুলি সদৰি কৰি সত্ৰাধিকাৰ গৰাকীয়ে কয়, বিশ্বায়নৰ যুগত আমি তথ্য প্ৰযুক্তি বিদ্যাক গ্ৰহণ কৰিব লাগিব লগতে প্ৰকৃতিৰ ভাৰসাম্যতা বজাই ৰখাৰ আমাৰ যি দায়িত্ব সেয়াও পালন কৰিব লাগিব !

আনহাতে, পৃথিৱী এতিয়া অসুখীয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰি বিশিষ্ট গবেষক গৰাকীয়ে উল্লেখ কৰে যে পৃথিবী অসুখীয়া হোৱাৰ কৰনা অন্যতম কাৰণ যদিও মূল কাৰণ এতিয়া গছ গছনি কাটি তহিলং কৰাতোহে বুলি এই সময়খিনিত পৰিগনিত হৈছে। পৃথিৱীয়ে এই অত‌্যাচাৰ সহ্য কৰিব পৰা নাই। প্ৰকৃতিৰ স্বাভাবিক ধাৰাটো যেন ক’ৰবাত স্তব্ধ হৈছে। যাৰ বাবে বিশ্বৰ মানব সমাজক প্ৰকৃতিৰ বিৰুদ্ধাচাৰন কৰিলে পৰিস্থিতি ভয়াবহ যে হব তাৰ প্ৰমাণ কৰ’না মহামাৰীয়ে প্ৰমাণ বুলি ড: পীতাম্বৰ দেৱগোস্বামীয়ে ভাষন প্ৰসংগত মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য, কাইলৈ ইতিবাচক অন্বেষণ, এক ব্যাখ্যান শৃংখলৰ বক্তৃতা আগবঢ়াব শ্ৰীমন্ত শংকৰদেৱ বিশ্বিবিদ্যালয়ৰ উপাচার্য ড: হিতেশ ডেকাই।

প্ৰেৰক–
কিশোৰ শিৱম।
প্ৰান্ত প্ৰচাৰ প্ৰমুখ।
ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ।

media school
Leave A Reply

Your email address will not be published.