পুনৰ চিকিৎসকক বৰ্বৰ আক্ৰমণ, দৰঙত কংগ্ৰেছ নেতাই আক্ৰমণ কৰিলে চিকিৎসক দম্পতীক
হোজাই উদালিত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা মাৰ নাৌযাওঁতেই অনুৰোপ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ব্যৱসায়িক নগৰী বুলি পৰিচিত খাৰুপেটিয়াত ।
উল্লেখ্য যে চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাৰ লগতে মহিলাৰ ওপৰতো হাত দিলে এজন উদণ্ড যুৱকে । যুৱকজন দৰং জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ডা: আহমেদ আলী নামৰ চিকিৎসকজনে দেওবাৰে খাৰুপেটিয়াস্থিত “আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত” চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত এগৰাকী ৰোগীৰ চিকিৎসা কৰাবলৈ ৰাহুল আমিন আৰু এজনী যুৱতী উপস্থিত হয় |
চিকিৎসকজনে কিছুসময় বহিব দিয়াত খৰ্গহস্ত হৈ পৰে ৰাহুল আমিন আৰু আৰম্ভ কৰে অশ্লীল গালি-গালাজ পাৰাৰ লগতে শাৰীৰিক ভাৱে আক্ৰমণ কৰে । বাধা দিবলৈ আগবাঢ়ি অহা চিকিৎসকৰ ঘৈণীয়েককো আক্ৰমণ কৰে জিলা কংগ্ৰেছৰ নেতাজনে । ঘটনাৰ খবৰ পাই খাৰুপেটীয়া আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হোৱাত পলায়ন কৰে ৰাহুল আমিনসহ যুৱতী গৰাকী । ঘটনা সন্দৰ্ভত ৰাহুল আমিন আৰু পিংকি বেগমৰ বিৰূদ্ধে খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভুগী চিকিৎসক জনে । চিকিৎসকৰ ওপৰত চলা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে আটক কৰাৰ দাবী জনাইছে ভোক্তভোগী পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠনে ।