ক’লা ভেঁকুৰ পিয়াজৰ মাজেৰে বিয়পে নেকি?

0 52,994

ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে য’ত দাবী কৰা হৈছে যে পিয়াজ ক্ৰয় কৰোঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো ইয়াৰ ফলত ক’লা ভেঁকুৰৰ সংক্ৰমণো হ’ব পাৰে। পিঁয়াজৰ বাহিৰৰ আৱৰণৰ ফলতো মিউকৰ্মাইকোচিছ হ’ব পাৰে। সেয়েহে, আপুনি যিকোনো খাদ্য সামগ্ৰীৰ ওপৰত ক’লা ভেঁকুৰৰ দৰে যিকোনো বস্তু দেখিলে, লগে লগে ইয়াক সাৱধানে ধ্বংস কৰিব।

এই দাবীসন্দৰ্ভত এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে কৰোনাভাইৰাছসংক্ৰমিত ৰোগীসকলৰ ভেঁকুৰৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। মিউকৰ্মাইকোচিছৰ বিষয়ে কথা পাতি গুলেৰিয়াই কৈছিল, এই বিষয়ে মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মিউকৰ্মাইকোচিছ এটা ক’লা ভেঁকুৰ নহয়, ই এটা ভুল নাম। এই সংক্ৰমণত তেজৰ অভাৱৰ বাবে, ৰোগীৰ ছাল লাহে লাহে ম্লান হ’বলৈ আৰম্ভ কৰে আৰু ক’লা দেখায়, যাৰ বাবে মানুহে ইয়াক ক’লা ভেঁকুৰ বুলি ক’বলৈ আৰম্ভ কৰে। কিন্তু ই আন একোৰে মাজেৰে বিয়পি নপৰে

media school
Leave A Reply

Your email address will not be published.