মাদ্ৰাছাত অধ্যয়ন কৰা শিশুবোৰক ৰাস্তাত চান্দা সংগ্ৰহ কৰা মগনীয়া নবনাব
মুছলমান সমাজলৈ মোৰ আহ্বান
হাফিজিয়া মাদ্ৰাছাত অধ্যয়ন কৰা কণ কণ শিশুবোৰক ৰাস্তাত চান্দা সংগ্ৰহ কৰা খোজনীয়া, মগনীয়া নবনাবলৈ মোৰ এটি কাতৰ অনুৰোধ ।
সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো হাফিজিয়া মাদ্ৰাছা পৰিচালনা সমিতিক অনুৰোধ জনাওঁ যে হাফিজিয়া মাদ্ৰাছা সমূহত General Education ( সাধাৰণ শিক্ষা) আৰম্ভণি কৰক । ধৰ্মীয় শিক্ষা লাগিব কিন্তু অকল ধর্মীয় শিক্ষা দি কণ কণ শিশুবোৰৰ ৰাস্তাত চান্দা সংগ্ৰহ কৰাত লগোৱাই কণ কণ শিশুবোৰৰ জীৱন ধ্বংস নকৰিব । হাফিজ বনাওক কোনো আপত্তি নাই কিন্ত তেওঁলোকক সাধাৰণ শিক্ষা দি ডাক্তৰ, ইঞ্জিনীয়াৰ, APS, IAS বনাওক তেতিয়া মুছলমান সকল সৰ্বদিশত আগুৱাই যাব । সমাজও পৰিৱৰ্তন হব আৰ্থিক অনাটন কমিব , সংস্থাপনও পাব লগতে সকলোৰে লগত ফেৰমাৰি আগুৱাই যাব পাৰিব । চান্দা বহীৰ উপৰত নিৰ্ভৰ নকৰি মানসিকতা সলনি কৰিবৰ হল । মুছলমান মানেই ধর্মীয় গোড়ামী নহয়, মুছলমান মানেই ভীক্ষাৰী নহয়,মুছলমান মানেই অশিক্ষিত নহয়, এই কথা খিনি বুকু ফিন্দাই কবলৈ হলে আমি মুছলমান যুৱ সমাজে সমাজত কিছু সংস্কাৰৰ প্রয়োজন বোধ কৰিছোঁ । আমি যিমান ধর্মীয় গোড়ামী কৰি থাকিম সিমান আমাক ৰাজনৈতিক নেতা সকলে আবেগ সৃষ্টি কৰি কেৱল ভোট আদায় কৰিবলৈ সক্ষম হব । মোৰ কথা খিনি সুস্থ বাবে চিন্তা কৰিব যদি মই শুদ্ধ কৈছোঁ তেতিয়াহলে Share কৰি সজাগতা সৃষ্টিৰ কৰক আৰু সকলোৱে নিজৰ সমাজত আলোচনা কৰক । কোনেও মোৰ লিখাখিনি ধৰ্মীয় আৱেগত নলব । খোদা হাফিজ ।
আব্দুৰ ৰাজিব
মানৱ অধিকাৰ কৰ্মী
লখিমপুৰ ,অসম ।
9508137142