মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই কোনে কোনে পাব ? মাইক্ৰ’ফাইনেঞ্চ কমিটিৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা।

0 5,928


প্ৰায় ২৬ লাখ মহিলাই মাইক্ৰফাইনেঞ্চৰ পৰা প্ৰায় ১২,৫০০ কোটি টকা ঋণ লৈছে। ৩৩টা মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠান, ৩টা বেংক আৰু ৪টা ক্ষুদ্ৰ বেংকক ধৰি মুঠ ৪০জন লেণ্ডাৰে এই বিশাল পৰিমাণৰ ঋণ দিছে।

মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ অধ্যক্ষ অশোক সিংঘালে আজি এক সংবাদমেলত কৰা মন্তব্যৰ পাছতে কোনে কোনে মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই পাব তাৰ এক ইংগিত পোৱা গৈছে।


সেইমতে গ্ৰাম্য পৰিয়ালৰ যিসকলৰ বছৰি উপাৰ্জন ১ লাখতকৈ কম তেওঁলোককহে মাইক্ৰফাইনেঞ্চ কোম্পানীয়ে ঋণ দিব পাৰে। অশোক সিংঘালে কয় যে যি পৰিয়ালৰ বছৰি আয় ১ লাখৰ ওপৰত তেওলোক মুখ্যমন্ত্ৰীয়ে গঠন কৰা কমিটীৰ আওতাত নপৰিব। গতিকে বছৰি ১ লাখতকৈ কম আয়ৰ লোকে যদি মাইক্ৰফাইনেঞ্চৰ ঋণ লৈছে তেওঁ ৰেহাি পাব পাৰে।
৩১ ডিচেম্বৰ, ২০২০ৰ আগত ঋণ লোৱাসকলেহে মুখ্যমন্ত্ৰীয়ে গঠন কৰা মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ আওতাত আহিব।

Leave A Reply

Your email address will not be published.