কোভিডৰ দ্বাৰা আৰোগ্য হোৱা লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ১বছৰ পৰ্যন্ত শক্তিশালী হৈ থাকিব ,এক গৱেষণাই প্ৰকাশ কৰিছে

0 4,023

ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ গৱেষক আৰু নিউয়ৰ্কৰ ৱেইল কৰ্ণেল ঔষধৰ এটা দলে কৰা গৱেষণাত দেখা গৈছে যে কোভিডৰ পৰা আৰোগ্য হোৱা ৰোগীসকলৰ শৰীৰত প্ৰায় এবছৰ ধৰি ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে ।একে ,সময়তে ভেকচিন গ্ৰহণ কৰিলে ইয়াক আৰু অধিক শক্তিশালী কৰি তোলে ।

যিহেতু কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ,বৰ্তমানেও কোভিডৰ ওপৰত গৱেষণা চলি আছে ।নিউয়ৰ্কৰ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ৱেইল কৰ্ণেল মেডিচিনৰ এটা দলৰ নেতৃত্বত গৱেষকসকলে এই সিদ্ধান্ত উপনীত হৈছে যে কোভিড ১৯ৰ দ্বাৰা সংক্ৰমিত এজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দীঘলীয়া হ’ব পাৰে ।

প্ৰকাশিত এক লেখাৰ অধ্যয়ন অনুসৰি ,কোভিডৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ এন্টিবডী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ছয় মাহৰ পৰা এবছৰৰ বাবে স্থিৰ থাকে ,ইয়াৰ লগতে টিকাকৰণ কৰিলে তেওঁলোকে অধিক সুৰক্ষা লাভ কৰিব । দৰাচলতে গৱেষকসকলে ৬৩জন লোকৰ দেহত পৰীক্ষা কৰিছিল, কোভিডৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱালোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ১বছৰ পৰ্যন্ত শক্তিশালী হৈ থাকিব ।

media school
Leave A Reply

Your email address will not be published.