পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কিয় হৈছে পেট্ৰ’লিয়াম সচিব তৰুণ কাপুৰৰ প্ৰশ্ন চৰকাৰী বিষয়াক
বৃহস্পতিবাৰে সংসদীয় পেনেলৰ কেইবাজনো সদস্যই পেট্ৰ’লিয়াম সামগ্ৰীৰ বৰ্ধিত মূল্য আৰু ইয়াক পৰীক্ষা কৰিবলৈ কি কৰা হৈছে তাক লৈ পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলক প্ৰশ্ন কৰে ।
চৰকাৰী প্ৰতিষ্ঠান আইঅ’চিএল, বিপিচিএল, এইচপিচিএল আৰু গেইলৰ শীৰ্ষ বিষয়াসকল সৈতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সন্মুখত উপস্থিত হয় পেট্ৰ’লিয়াম সচিব তৰুণ কাপুৰ।
সমিতিৰ কেইবাজনো সদস্যই, বিৰোধী দলৰ সদস্যসকলে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য সঘনাই বৃদ্ধি হোৱা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আৰু ইয়াৰ লগতে কয় যে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ ঘৰুৱা বাজেটত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছে।
এই সন্দৰ্ভত মন্ত্ৰালয়ৰ বিষয়াসকলে জনায় যে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য আন্তৰ্জাতিক অশোধিত সামগ্ৰীৰ মূল্যৰ সৈতে বান্ধ খাই আছে ।
বিৰোধী দলৰ এজন সদস্যই বিষয়াসকলৰ যুক্তিক নস্যাৎ কৰি কয় যে যেতিয়া আন্তৰ্জাতিক অশোধিত তেলৰ মূল্য হ্ৰাস পায়, ঘৰুৱা বজাৰত মূল্য বৃদ্ধি কিয় হয় ।
কিছু সদস্যই এইটোও কয় যে পেট্ৰ’লিয়ামৰ মূল্য সংশোধনৰ সিদ্ধান্ত প্ৰায়ে নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি লোৱা হয়। এক বিশেষ সূত্ৰঅনুসৰি, বৈঠকত এইটো উত্থাপন কৰা হৈছিল যে পেট্ৰ’লৰ মূল্য প্ৰায় সাতখন ৰাজ্যত প্ৰতি লিটাৰত ১০০ টকা, আনহাতে দেশৰ আন বহুতো ৰাজ্যত প্ৰায় মূল্য ১০০ টকা হৈছেগৈ ।