বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা ভয়ংকৰ হ’ব কোভিডৰ নতুন ভেৰিয়েন্ট “লাম্বডা”

0 503

মহামাৰী কোৰোনাই সমগ্ৰ বিশ্ববাসীক বিস্তৰভাবে ক্ষতিগ্ৰস্থ কৰি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই পোহৰলৈ লৈ আহিছে অন্য এক ভয়ঙ্কৰ তথ্য ।বিশ্বৰ প্ৰায় ২৯খন দেশত পুনৰ দেখা পোৱা গৈছে কোভিডৰ এক নতুন প্ৰকাৰ ,ঘাইকৈ দক্ষিণ আমেৰিকাত উৎপত্তি হৈছে বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

দক্ষিণ আমেৰিকাৰ পেৰু চহৰত চিনাক্ত হোৱা এই নতুন প্ৰকাৰ বিধে বংশৰ নতুন সংস্কৰণ হোৱা বুলি জানিব দিয়ে ।বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি পেৰুত “লাম্বডা”নামৰ এই নতুন প্ৰকাৰবিধ ব্যাপকবিধ বিয়পিব ধৰিছে ,য’ত ২০২১ৰ এপ্ৰিল মাহৰ প্ৰায় ৮১% কোভিড ৰোগীৰ দেহত এই সংক্ৰমণ হোৱা দেখা পোৱা গৈছে ।ইয়াৰ উপৰিও যোৱা ৬০দিনত চিলিত প্ৰায় ৩২% লোকৰ দেহত “লেম্বডা” ধৰা পৰিছে।

ব্ৰাজিল ,আৰ্জেন্টিনা আৰু ইকুৱেদৰ দৰে দেশ সমূহটো এই সংক্ৰমণে দেখা দিছে বুলি এক প্ৰতিবেদন যুগে জনায় ।বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ‘লাম্বডা” ৰ এই নতুন বংশই কোভিড ভাইৰাছক অধিক শক্তিশালী কৰিব পাৰে ।অৱশ্যে এই মূহূৰ্তত প্ৰমাণ অতি সীমিত জেনেভা ভিত্তিক সংগঠনটোৱে কৈছে যে এই নতুন প্ৰকাৰ বিধক অধ্যয়নৰ বাবে সময়ৰ প্ৰয়োজন হ’ব ।
এতিয়ালৈ শেহতীয়া উদাহৰণৰূপে “ডেল্টা” নামৰ নতুন ভাইৰাছ বিধৰ সংস্কৰণ ভাৰতত চিনাক্ত কৰা হৈছে যোৱা ১১মে তাৰিখে ।বিশ্বজুৰি দ্ৰুত গতিত হৈ থকা এই বিস্তাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এক বিস্তৰ ক্ষতিৰ সংকেত লৈ আহি আছে বুলিও জনায় ।

Leave A Reply

Your email address will not be published.