ভেকচিন প্ৰদানৰ বাবে পিঠিত কেঁচুৱা বান্ধি স্বাস্থ্যকৰ্মীয়ে পাৰ কৰিলে নদী
কোৰোনা মহামাৰীয়ে সমগ্ৰ দেশৰ আৰ্থিক লগতে স্বাস্থ্য খণ্ডক যথেষ্ট পৰিমানে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে , আংশিক লকডাউন ইয়াৰ লগতে কোনো কোনো ৰাজ্যত দিয়া সম্পূৰ্ণ লকডাউনে দেশ প্ৰতিজন লোকক যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্থ কৰিছে ।
এই ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ ৰূপে চেষ্টা চলাইছে যদিও ৰাইজৰ সহযোগ নাথাকিলে এই ৰোগ বিধৰ পৰা পৰিত্ৰাণ পোৱাত যথেষ্ট কষ্ট হব ।দেশৰ প্ৰতিজন সদস্যই যেতিয়া লৈ কোভিডৰ প্ৰতিষেধক লোৱাৰ বিৰত থাকিব ঠিক তেতিয়ালৈ এই ৰোগৰ পৰা জনসাধাৰণক নিৰাময় কৰাত সমস্যাৰ সন্মুখীন হব লগা হব ।
প্ৰতিজন স্বাস্থ্য কৰ্মীয়ে এই ৰোগ বিধৰ পৰা নিৰাময় পাবলৈ দেশৰ চুকে কোনে ভেকচিন লোৱাৰ বাবে প্ৰচাৰ চলাইছে । এনে এটা গম্ভীৰ সময়ত স্বাস্থ্য কৰ্মী সকলে মানসিক ভাবে নিজকে তৈয়াৰ কৰি নিষ্ঠাৰে এই ৰোগ বিধৰ সৈতে যুঁজ দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ।এনে এক জটিল সন্ধিক্ষণত এগৰাকী স্বাস্থ্য কৰ্মীৰ এখন বিশেষ ফটো সামাজিক মাধ্যমত চৰ্চিত হৈছে ।য’ত দেখা পোৱা গৈছে ঝাৰখণ্ডৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে নিজৰ সন্তানটিক পিঠিত বান্ধি হাতত ভেকচিনৰ বাকচ লৈ এক কঁকাল পানীৰে ভৰি থকা এখন নদী পাৰ হৈ গৈছে আৰু অঞ্চলটোৰ লোক সকলক ভেকচিন লোৱাৰ প্ৰতি অনুৰোধ জনাইছে । ঝাৰখণ্ডৰ স্বাস্থ্য কৰ্মী মানটি কুমাৰীৰ এই পদক্ষেপে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে ,বহু লোকে তেওঁৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণ মনটোৰ প্ৰতি সন্মান জনাইছে ।