বিধায়ক ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি

0 448

কোন বিজেপিৰ ৰাজ্যিক সভাপতি হ’ব তাক লৈ দীৰ্ঘদিন জল্পনা-কল্পনা চলি আহিছিল।

কিন্তু সেই জল্পনা-কল্পনাৰ ওৰ পৰিল। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰ্জুন সিং স্বাক্ষৰ সম্বলিত এক জাননী যোগে জনাইছে এই কথা।

b1

ভৱেশ কলিতা ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন বিভাগৰ মন্ত্ৰী আছিল।

এইবাৰ তেওঁ মন্ত্ৰিত্বৰ পৰা বঞ্চিত হৈছিল। সেয়েহে হয়তো তেওঁক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰাক্তন সাংসদ ৰমেন ডেকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলীৰ নামো চৰ্চিত হৈছিল যদিও তেওঁলোক সভাপতি লাভৰ পৰা বঞ্চিত হ’ল।

media school
Leave A Reply

Your email address will not be published.