কভিডে নিঠৰুৱা কৰা বনিশা উজ্বলিল ন-ৰূপেৰে

0 7,103

কাল কৰোনাই কাঢ়ি নিলে এগৰাকী কন্যাৰ পিতৃ-মাতৃক। তাৰ পিছতো থমকি নৰ’ল বনিশা পাঠক। সদ্যঘোষিত CBSEৰ দশম শ্ৰেনীৰ পৰীক্ষাত ৯৯.৮%ৰে সুখ্যাতিৰে উজলিল বনিশা

ভুপালৰ জীয়ৰী বনিশা পাঠকে পিতৃ-মাতৃ দুয়োকে হেৰুৱাৰ পিছতে “তোমাৰ অবিহনেও মই এগৰাকী শক্তিশালী কন্যা হ’ম দেউতা” শিৰোনামেৰে লিখিছিল এটা কবিতা যিটো কবিতা পঢ়াৰ পিছতে
সকলোৱে চকুলো টুকিছিল আৰু তাকেই সত্য প্ৰমানিত কৰিল ১৬ বছৰীয়া যুৱতী বনিশা পাঠকে।

তেঁওৰ পিতৃৰ নাম আছিল জীতেন্দ্ৰ পাঠক আৰু মাকৰ নাম আছিল ড° সীমা পাঠক। যোৱা ৪ মেত মাক ড°সীমা পাঠকৰ মৃত্যু হয় আনহাতে ১৫ মেত দেউতাক জীতেন্দ্ৰ পাঠকৰ মৃত্যু হয়। সাংবাদিকৰ আগত বনিশাই কয় যে প্ৰতিটো সময়তে মাক-দেউতাকৰ অভাৱ অনুভৱ কৰে।

media school
Leave A Reply

Your email address will not be published.