বিপদত মমতা বেনাৰ্জী! বংগৰ নিৰ্বাচনী হিংসাৰ তদন্ত কৰিব চি বি আইয়ে…

0 1,330

পশ্চিমবংগৰ নিৰ্বাচনৰ পৰৱৰ্তীসময়ত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰাজীৰ তদন্ত কৰিব চি বি আইয়ে। বিগত ২মে’ত ৰাজ্যখনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে সংঘটিত হৈছিল বহু কেইটা হিংসাত্মক ঘটনা। এই হিংসাত্মক ঘটনাসমূহৰ তদন্ত কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে গোচৰ সমূহ চি বি আইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে। কলকাতা উচ্চ ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠত এই ৰায় ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযোগে (এন এইছ আৰ চি) পশ্চিমবংগত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছিল।
নিৰ্বাচনৰ পিছত সংঘটিত হোৱা সমগ্ৰ হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা হ’ব স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম অর্থাৎ এছ আই টি। কলকাতাৰ আৰক্ষী বিষয়া সোমেন মিত্ৰা আছে এই এছ আই টিত।

media school
Leave A Reply

Your email address will not be published.