পুনৰবাৰ ৰন্ধন গেছৰ মূল্যই গ্ৰাহকৰ মূৰত শোধালে মাধমাৰ –

0 6,170

পেট্ৰল, ডিজেলৰ পিছত এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে আউল লগাইছে গ্ৰাহকৰ দৈনন্দিন জীৱনত। বুধবাৰে পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হল ২৫ টকালৈ।

ৰাজসাহায্য যুক্ত চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি কৰা সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৭৩.৫০ টককৈ বৃদ্ধি কৰা হৈছে । এই নতুন নিৰিখ অনুসৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য এতিয়াৰৰে পৰা ১৮৬১ টকা।


চলিত বৰ্ষৰ জানুৱাৰীৰ ১ তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ১ তাৰিখলৈকে প্ৰায় ১৯০ টকাকৈ
বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য। এই মূল্য বৃদ্ধিৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ক্ৰমে দিল্লী, মুম্বাই আৰু চেন্নাইত । বৰ্তমান দিল্লীত ১৪.২ কেজিৰ ৰন্ধন গেছৰ মূল্য ৮৮৪.৫০ টকা। মুম্বাইত ৮৫৯.৫০ টকা, আৰু চেন্নাইত ৰন্ধন গেছৰ মূল্য ক্ৰমাৎ ৯০০.৫০ টকালৈ অতিক্ৰম কৰিছে। এই তিনিখন ঠাইৰ উপৰিও ভাৰত অন্যান্য ঠাইত হোৱা ৰন্ধন গেছৰ বৰ্ধিত মূল্যই চিন্তিত কৰিছে গ্ৰাহকক। এফালে কৰণা সৃষ্ট অৰাজক পৰিস্থিতি আৰু আনফালে ভয়াবহ মূল্য বৃদ্ধিয়ে বিপদ সংকুল কৰি তুলিছে জীৱন ধাৰণ প্ৰণালীৰ

media school
Leave A Reply

Your email address will not be published.