দুৰ্গাপূজাৰ নতুন নিৰ্দেশাৱলী, মানিব লাগিব এইকেইটা নিয়ম

0 379

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী আৰু এইবাৰ কোভিডৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ে আগবঢ়াইছে পূজাৰ বাবে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী । আৰু এই নিৰ্দেশাৱলী সমূহ ক্ৰমে –

আয়োজক সমিতিয়ে পূজা অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্তক আবেদন দাখিল কৰিব লাগিব

নিশা ৯ বজাৰ লগে লগে পূজাৰ মণ্ডপ বন্ধ কৰিব লাগিব

দুৰ্গা পূজাৰ সকলো সংস্কৃতিক কাৰ্যসূচী বাতিল

আয়োজকৰ পৰা দৰ্শনাৰ্থীলৈকে ভেকচিন লোৱাটো বাধ্যতামূলক

ভেকচিনৰ প্ৰমাণ পত্ৰ দেখুৱাইহে পূজাত প্ৰবেশ কৰাৰ অনুমতি

পূজাৰ মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ বাট বেলেগ বেলেগ হব লাগিব

মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীয়ে ভিৰ কৰিব নোৱাৰিব

পূজা চাব আহোঁতে মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক

দুৰ্গাপূজাৰ ষোষ্ঠি আৰু দশমীৰ বিসৰ্জনৰ আয়োজন অনুষ্টুপিয়া হ’ব লাগিব

এই নিৰ্দেশৱলীৰ লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে অহা ১৭ অক্টোবৰত কোভিড-১৯ ভেকচিনৰ এক মহাঅভিযান আৰম্ভ হ’ব আৰু অভিভাৱক মন্ত্ৰীসকলে নিজ নিজ জিলালৈ গৈ অভিযানৰ তদাৰক কৰিব ।

media school
Leave A Reply

Your email address will not be published.