“ভেকচিন এক ৰাজনৈতিক আহিলা”

0 2,979

সমগ্ৰ দেশে যি সময়ত কোভিড ভেকচিন গ্ৰহণৰ বাবে উঠি পৰি লাগিছে তেনে সময়তে এজন বিখ্যাত বলিউড অভিনেতাই মন্তব্য কৰিছে যে “ভেকচিন এক ৰাজনৈতিক আহিলা আৰু আটাইতকৈ ডাঙৰ কেলেংকাৰী”

বিজয় জে আনন্দ নামৰ অভিনেতা গৰাকীয়ে তেওঁৰ এই বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত উল্লেখ কৰি কয় যে, তেওঁ নিজৰ শৰীৰক মন্দিৰ বুলি বিবেচনা কৰে, আৰু শৰীৰৰ ভিতৰত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰে । লগতে তেওঁ ব্যক্ত কৰে যে কৰ’ণাৰ সময়ত তেওঁ দুখন চলচ্চিত্ৰ আৰু এখন ৱেব চিৰিজৰ কাম হেৰুৱাইছে যিবোৰৰ দৃশ্যগ্ৰহণ ক্ৰমে লণ্ডন আৰু ছাৰ্বিয়াত হোৱা কথা আছিল তাৰ উপৰিও তেওঁ ডুবাইত এটা পুৰস্কাৰ পোৱাৰ কথা প্ৰকাশ পাইছিল যত তেওঁ উপস্থিত থাকিব নোৱাৰিলে ।
কোভিড কালছোৱাত এজন পেছাদাৰী হিচাপে তেওঁ প্ৰায়ভাগ কাম হেৰুৱাই আছে তথাপিও তেওঁ টিকাকৰণ নকৰোঁ বুলি ক্ষোভ প্ৰকাশ কৰিছে। অভিনেতা গৰাকীয়ে ভেকচিন গ্ৰহণৰ এই প্ৰক্ৰিয়াক এক নাটক তথা ৰাজনৈতিক কেলেংকাৰী হিচাপে আখ্যা দিছে আৰু এই বিতৰ্কিত মন্তব্যই এতিয়া খলকনিৰ সৃষ্টি কৰিছে ।

media school
Leave A Reply

Your email address will not be published.