‘মিছন বসুন্ধৰা’
Facebook, Twitter, Whats app, ইত্যাদি এপসমূহ ডাউনলোডৰ লগতে
সকলো ধৰণৰ জটিলতা আঁতৰাই ৰাইজৰ ভূমি সমস্যাসমূহ নিষ্পত্তিকৰণ তথা অসম চৰকাৰৰ ‘ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা’ বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে বিভাগটোৰ অধীনত অসম চৰকাৰে গ্ৰহণ কৰিছে ‘মিছন বসুন্ধৰা’ নামেৰে এক অভিলাষী আঁচনি।
জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ পোষকতাৰে গ্ৰহণ কৰা এই আঁচনিখন অহা ২ অক্টোবৰ,২০২১ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।
এই আঁচনিৰ অধীনত সাঙুৰি লোৱা সেৱাসমূহ হ’ল –
• ভূমি নথিৰ সংশোধন আৰু উন্নীতকৰণ
• অনা-জৰীপ গাঁৱৰ জৰীপ ব্যৱস্থা
• জৰীপকৃত গাঁৱৰ পুন:জৰীপ ব্যৱস্থা
অসম চৰকাৰৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগে “মাই গভ্” অসমৰ সহযোগত ‘মিছন বসুন্ধৰা’ৰ বাবে এক ল’গ’ ডিজাইন প্ৰতিযোগিতা আয়োজন কৰিছে।
শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত ল’গ’টো ’মিছন বসুন্ধৰা’ৰ আনুষ্ঠানিক ল’গ’ হিচাপে গণ্য কৰা হ’ব।আৰু ইয়াৰ বিনিময়ত পুৰস্কাৰ প্ৰদান কৰা হ’ব ১০,০০০ টকা। এই ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ ২৪ছেপ্টেম্বৰ, ২০২১। ল’গ’ সমূহ ডিজাইন কৰোঁতে চৰকাৰে কিছুমান বিশেষ কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূ্হ প্ৰদান কৰিছে –
• ডিজাইন কৰা ল’গ’ৰ দ্বাৰা ’মিছন বসুন্ধৰা’ৰ উদ্দেশ্য প্ৰতিফলিত হোৱাটো আৱশ্যকীয়
• ল’গ’ ডিজাইনত ’মিছন বসুন্ধৰা’ আৰু ’মোৰ মাটি মোৰ অধিকাৰ’ উল্লেখ থকাটো বাধ্যতামূলক
• ল’গ’ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব
• ল’গ’ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্ছনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব
• প্ৰেৰণ কৰা ল’গ’ কম্পিউটাৰাইজড হোৱাটো প্ৰয়োজনীয়
• Vector ছফ্টৱেৰৰ জৰিয়তে প্ৰস্তুত কৰা ল’গ’ক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব
• ল’গ’ প্ৰস্তুত কৰি উলিওৱা ছফ্টৱেৰৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়
• ৰঙৰ ব্যৱহাৰত বাধা নাই
• ল’গ’ৰ চমু বিৱৰণ বাঞ্ছনীয়
• ল’গ’ JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব
• প্ৰেৰণকাৰীৰ নাম, ফোন নং, ই-মেইল ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়
• নিৰ্বাচিত ল’গ’ অসম চৰকাৰৰ সম্পত্তি হিচাপে বিবেচিত হ’ব
• যিকোনো ধৰণে এই ল’গ’ অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব