টেট পৰীক্ষা, ২০২১
টেট পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছে পৰীক্ষাৰ্থীসকলৰ, কিয়নো অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যত টেট পৰীক্ষা আৰু টেটৰ বাবে আবেদন কৰাৰ আজি হৈছে অন্তিম দিন ।
এই আবেদন অনলাইন যোগে কৰিব পাৰিব লগতে আবেদন পত্ৰসমূহ উপলব্ধ হ’ব সৰ্বশিক্ষা অভিযানৰ অফিচিয়েল ৱেবচাইট
https://ssa.assam.gov.in ত ।এই টেট পৰীক্ষা
উচ্চ আৰু নিম্ন প্ৰাথমিক শ্ৰেণীৰ বাবে অনুষ্ঠিত হ’ব আৰু পৰিক্ষাৰ্থীসকলে ১০ অক্টোবৰত পৰীক্ষাৰ এডমিট কার্ডসমূহ লাভ কৰিব । ইতিমধ্যে
ৰাজ্যচৰকাৰে টেট পৰীক্ষা সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে লগতে পৰিক্ষাৰ্থী সমূহে মাস্ক আৰু চেনিটাইজাৰ নিয়াটো বাঞ্চনীয় বুলি উল্লেখ কৰিছে ।