পুনৰ চৰ্চাত ৰাণাঘাটৰ ৰাণু মণ্ডল

0 22,909

পুনৰ চৰ্চাত ৰাণাঘাটৰ ৰাণু মণ্ডল। ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডলৰ এটা নিশাৰ ভিতৰতে সলনি হৈ পৰিছিল ভাগ্য। ভিক্ষা বিত্তি এৰি পাইছিলগৈ বলীউদ। বলীউদৰ বিখ্যাত কণ্ঠশিল্পী, সংগীত পৰিচালক হিমেশ ৰেশামিয়াৰ সৈতে গীত গাই দেশবাসীৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাণু মণ্ডল।

নিশাটোৰ ভিতৰতে তাৰকাৰ দৰে হৈ পৰা ৰাণু মণ্ডলৰ সেই জনপ্ৰিয়তা এতিয়া আৰু নাই। নিজৰ অহংকাৰ মনোভাৱৰ বাবেই যেন পতন ঘটিল ৰাণুৰ। বিভিন্ন সময়ত বিভিন্ন কৰ্মকাণ্ডৰে চৰ্চিত হৈছিল ৰাণু। ইয়াৰ মাজতে ৰাণু মণ্ডলৰ কিছুমান ভিডিঅ’ সময়ে সময়ে ভাইৰেল হয় ছচিয়েল মিডিয়াত।

শেহতীয়াকৈ পুনৰ ৰাণু মণ্ডলৰ এটা ভিডিঅ’ পুনৰ ভাইৰেল হৈছে। এইবাৰ বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত ‘মানিকে মাগে হিতে’ গীতটো গাই ভাইৰেল হৈ পৰিছে ৰাণু।

media school
Leave A Reply

Your email address will not be published.