কাইলৈৰ পৰা গুৱাহাটীত নচলিব ওলা-উবেৰ সেৱা
বহিৰাগত ওলা-উবেৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ সদৌ গুৱাহাটীৰ কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘ। পহিলা অক্টোবৰৰ পৰা যৌথভাৱে সংগঠন দুটাই সম্পূৰ্ণ বৰ্জন কৰিব ওলা-উবেৰ সেৱা।
যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প ব্যৱস্থাত স্থানীয় প্ৰতিষ্ঠান পে-ইণ্ডিয়াত গুৱাহাটীত চলাচল কৰিব কেব সেৱা। দিছপুৰ প্ৰেছ ক্লাবত যৌথভাৱে সংবাদমেলত এই কথা ঘোষণা কৰে সংগঠন দুটাই।
ৰাজ্যৰ ওলা-উবেৰ চালকসকল আহ্বান জনাই সংগঠন দুটাই কয়- ‘‘ওলা-উবেৰ বৰ্জনত সহযোগ কৰি পে-ইণ্ডিয়া গ্ৰহণ কৰক। শুকুৰবাৰে চালকে ওলা-উবেৰৰ এপত ভাড়া নল’ব।তাৰ বিপৰীতে পে-ইণ্ডিয়াত অন্তৰ্ভুক্ত হওক।’’
আনহাতে, গ্ৰাহকসকলক আহ্বান জনাই সংগঠন দুটাই যৌথভাৱে কয়-গুৱাহাটী মহানগৰীত ওলা-উবেৰ সেৱাৰ উপলব্ধ নহ’ব। তাৰ পৰিৱৰ্তে পে-ইণ্ডিয়া সেৱা উপলব্ধ হ’ব।