শ্বাহৰুক খানৰ পুত্ৰক গ্ৰেপ্তাৰ

0 13,953

বিলাসী জাহাজত নিশা ৰেভ পাৰ্টি কৰি থাকোতে আৰক্ষীয়ে জেৰা কৰে জনপ্ৰিয় তাৰকা শ্বাহৰুক খানৰ পুত্ৰ আৰয়ান খানক । কিয়নো নিশা জাহাজত চলিছিল ড্ৰাগছৰ বেহা আৰু NCBৰ অভিযানত ধৰা পৰিল আৰয়ান খান ।ৰেভ পাৰ্টিত অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল আৰয়ান খানক আৰু বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে লগতে তেওঁৰ মোবাইলো জব্দ কৰা হৈছে ।

গোৱা অভিমুখে গৈ থকা “CORDELIA” নামৰ বিলাসী জাহাজখন এতিয়া মুম্বাইলৈ উভতাই আনিছে । আৰু এই ৰেভ পাৰ্টিত আৰয়ান খানৰ লগতে আৰক্ষীয়ে দুই মহিলাসহ ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। বৰ্তমান NCB এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.