কংগ্ৰেছে চূড়ান্ত কৰিলে উপ নিৰ্বাচনৰ তালিকা

0 929

মেঘালয় বিধানসভাৰ ৩ খন কৈ সমষ্টিৰ উপ নিৰ্বাচন সমাগত। অহা ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ নিৰ্বাচন। এখন গাৰো হিলচৰ আন ২ খন সমষ্টি খাচী হিলচৰ। ইতিমধ্যে কংগ্ৰেছ দলে তিনিওটা সমষ্টিৰ দলীও টিকট ঘোষণা কৰিছে। AICCৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে পশ্চিম গাৰো পাহাৰ জিলাৰ ৪৭ নং ৰাজাবালা বিধানসভা সমষ্টিৰ বাবে হাছিনা ইয়াছমিন মণ্ডলক খাচী পাহাৰৰ ১৩ নং মাওৰেঙ খিং সমষ্টিত হাইলেনডাৰ খাৰমালকিক আৰু ২৪ নং মাওপেলাঙ সমষ্টিত কেনেডি ছি খিৰিমক দলীয় টিকট প্ৰধান কৰিছে। উল্লেখ্য যে হাছিনাৰ স্বামী Dr আজাদ জামানৰ বিয়োগৰ পাছত ৰাজাবালা সমষ্টিখন বিধায়ক হীন হৈ পৰে।

media school
Leave A Reply

Your email address will not be published.