NCB য়ে প্ৰদান কৰা নাই আৰয়ান খানক কোনো ধৰণৰ বিশেষ সুবিধা

0 9,700

বলিউদৰ কিং খান শ্বাহৰুখৰ পুত্ৰ আৰয়ান খান বৰ্তমান NCB ৰ জিম্মাত । বিগত কেইটামান দিন ধৰি আৰয়ান ওপৰত উত্থাপন পোৱা ড্ৰাগছ সম্বন্ধীয় বিতৰ্কৰ পিছত এতিয়া NCB ৰ জিম্মাত ৰখা হৈছে কিং খানৰ পুত্ৰক ।অতিৰিক্ত তদন্তৰ বাবে ইতিমধ্যে NCBয়ে আৰয়ান খানৰ লগতে আন কেইজনমান অভিযুক্তৰ মোবাইল ফোন গান্ধী নগৰৰ এটা পৰীক্ষাগাৰলৈ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । পূৰ্বতে, NCBয়ে মহানগৰ আদালতৰ সন্মুখত দাবী কৰিছিল যে আৰয়ান খানৰ whatsapp chat ত “আচৰিত আৰু আপত্তিজনক” প্ৰমাণ উদ্ধাৰ হৈছে যিয়ে ‘আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ৰেকেট’ৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি সন্দেহ সৃষ্টি কৰিছে ।

ইয়াৰ লগতে আন এক উল্লেখ কৰিবলগীয়া কথা যে যদিও আৰয়ান এজন তাৰকাৰ পুত্ৰ, তথাপিও তেওঁক NCB ৰ জিম্মাত ৰখাৰ পিছত আগবঢ়োৱা হোৱা নাই খাদ্য পছন্দৰ পৰা আদি কৰি কোনো ধৰণৰ বিশেষ সুবিধা । কেৱল আৰয়ানে বিচৰা বিজ্ঞান কিতাপ কেইখনমান NCBয়ে প্ৰদান কৰিছে ড্ৰাগৰ গোচৰৰ আন অভিযুক্তসকলৰ সৈতে তেওঁকো NCB মেছৰ পৰা প্ৰদান কৰা হৈছে দৈনিক খাদ্য ।মঙলবাৰে নিশা, NCB য়ে মুম্বাইৰ পোৱাই অঞ্চলৰ পৰা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে লগতে চহৰখনৰ চাৰিওফালে অন্য এক অভিযান চলাই ড্ৰাগছ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ইয়াৰ মাজতে, শ্বাহৰুখ খানৰ অনুৰাগীসকলক তেওঁৰ বাংলো ‘ Mannat’ ৰ বাহিৰত এখন প্লেকাৰ্ড ৰখা পৰিলক্ষিত হয় । প্লেকাৰ্ডখনৰ ছবিখন তেওঁৰ অনুৰাগী ক্লাববোৰে শ্বেয়াৰ কৰিছিল। এটা বাৰ্তাৰ সৈতে, ইয়াত তেওঁৰ ঘৰৰ বাহিৰত তেওঁৰ অনুৰাগীসকলক সম্বোধন কৰাৰ ছবি বোৰ দেখুওৱা হৈছিল।
অভিনেতাজনক সমৰ্থন আগবঢ়াই বাৰ্তাটোত লিখা আছিল, “আমি পৃথিৱীৰ প্ৰতিটো কোণৰ অনুৰাগীয়ে আপোনাক গভীৰভাৱে আৰু চৰ্তহীনভাৱে ভাল পাওঁ! আমি এই পৰীক্ষাৰ সময়ত আপোনাৰ সৈতে থিয় দিছোঁ!
TAKE CARE KING

Leave A Reply

Your email address will not be published.