বলীউডৰ শ্বেহেনশ্বাহই ভুগিছে নেকি আৰ্থিক অনাটনত ?

1 50,824

বলীউডৰ শ্বেহেনশ্বাহৰ আৰ্থিক অনাটন । আৰ্থিক সংকটত দিন কটাইছে বচ্চন পৰিয়ালে । উল্লেখ্য যে যোৱা কেইদিনমান আগত অভিষেক বচ্চনে মায়ানগৰী মুম্বাইৰ অবেৰয় ভৱনৰ বিলাসী ফ্লেটটো ৪৫.৭৫ কোটি টকাত বিক্ৰী কৰাৰ এক খবৰ বিয়পি পৰিছিল ।

আৰু এইবাৰ পুত্ৰৰ পাছত পিতৃৰো বিৰূপ কাৰ্য দেখিবলৈ পোৱা গ’ল কিয়নো অমিতাভ বচ্চনে নিজৰ ঘৰ ভাৰতীয় ষ্টেট বেংকক ভাড়ালৈ দিয়া বুলি জানিবলৈ পোৱা গৈছে । ৰিয়েল ইষ্টেটৰ এগৰাকী বিশ্লেষকৰ মতে, বিগ বি-এ তেওঁৰ ৩.১৫০ বৰ্গ ফুটৰ দুটা ঘৰ ১৫ বছৰৰ বাবে ভাড়ালৈ দিছে আৰু চুক্তি অনুসৰি, প্ৰতি পাঁচ বছৰৰ মূৰত ২৫ শতাংশ হাৰত বৃদ্ধি পাব ঘৰভাড়া লগতে প্ৰতি মাহে পৰিশোধ কৰিব লাগিব ১৮.৯ লাখ টকা। বৰ্তমান এ ঘৰ ভাড়া দিয়াৰ খবৰে অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপিত কৰিছে যে , পুনৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ বাৰে বাৰে ঘৰ ভাড়ালৈ দিছে নেকি বলীউড ছুপাৰষ্টাৰজনে? কিন্তু এই সন্দৰ্ভত বচ্চন পৰিয়ালৰ পৰা বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা নাই সংবাদ মাধ্যমে

1 Comment
  1. huge fan of big B
    EnewsNE is doing a great work.

Leave A Reply

Your email address will not be published.