দ্ৰুত গতিত বৃদ্ধি পেট্ৰ’ল ডিজেলৰ মূল্য

1 1,840

সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই আকাশ চুইছে । প্ৰতিদিনে বৃদ্ধি হোৱা মূল্যই মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ ওপৰত ।ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰায় ০.৩৫ টকাৰ পৰা ১০৫.১৪ টকালৈ বৃদ্ধি হৈছে আৰু প্ৰতি লিটাৰত বৃদ্ধি হোৱা পেট্ৰ’লৰ মূল্য বৰ্তমান ৯৩.৮৭ টকা ।

মেট্ৰ’ চহৰৰ ভিতৰত আটাইতকৈ অধিক মূল্য বৃদ্ধি হৈছে মুম্বাইত । যোৱা বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ০.৩৪ লিটাৰৰ পৰা ১১১.০৯ টকালৈ বৃদ্ধি পাইছে। লগতে ডিজেল ০.৩৭ টকাৰ পৰা ১০১.৭৮ টকালৈ বৃদ্ধি কৰা হৈছে। যোৱা ২০ দিনত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫.২৭ টকা লৈকে বৃদ্ধি পাইছে আৰু এই সময়ছোৱাত ডিজেলৰ মূল্য গড়ে ০.২০ টকাৰ পৰা ০.৩৫ টকালৈ বৃদ্ধি হৈছে।আনফালে বাংগালুৰুত এতিয়া পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৮.৮০ টকা আৰু ডিজেল ৯৯.৬৩ টকাত বিক্ৰী কৰা হৈছে।
হায়দৰাবাদত, এক লিটাৰ পেট্ৰ’লৰ মূল্য এতিয়া ১০৯.৩৭ টকা আৰু ডিজেলৰ মূল্য এক লিটাৰত বৰ্তমান ১০২.৪২টকা ।

media school
1 Comment
  1. most popular news channel from NE.

Leave A Reply

Your email address will not be published.