ৰাজ্যত ক’ৰণাৰ ভয়াবহ সংক্ৰমণ
ৰাজ্যত এতিয়াও অব্যাহত ক’ৰণাৰ সংক্ৰমণ । শুক্ৰবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য। ৩৮,৮৯৯ জনৰ কভিড পৰীক্ষা কৰাৰ অন্তত সমুখলৈ আহিছে এই ফলাফল । ৩১৫ জন নতুনকৈ আক্ৰান্ত হৈছে এইবাৰ কভিডত ।
যোৱা কেইদিনমান আগতে ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈছিল ৩৮৪ গৰাকী । আৰু কামৰূপ মহানগৰত ১৪৭ জনকৈ লোক আক্ৰান্ত হৈছিল কভিডত কিন্তু শুক্ৰবাৰৰ তথ্য অনুসৰি কামৰূপ মেট্ৰোত নতুনকৈ আক্ৰান্ত হল ১১৫ জন লোক । শুক্ৰবাৰৰ আগৰ লৈকে ৰাজ্যৰ আৰোগ্যৰ হৰ আছিল ৯৮.৪০% আৰু কালি প্ৰকাশ কৰা তথ্য মতে আৰোগ্যৰ হাৰ ৯৮.৩৮ % । ইয়াৰ উপৰিও দুজন লোকৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।