চৰকাৰী কৰ্মচাৰী সকলক প্ৰদান কৰা হব স্মাৰ্ট ঘড়ী

0 22,853

চৰকাৰী কৰ্মচাৰীৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ হেতুকে গ্ৰহণ কৰা হৈছে এক পদক্ষেপ। ।কৰ্ম ক্ষেত্ৰত উপস্থিত থকাৰ সময়ছোৱাত কোন ক’ত আছে তাৰ খবৰ ৰাখিবলৈ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে ।

কৰ্তব্যৰত অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে যাতে কোনো গাফিলতি কৰিব নোৱাৰে তাৰ বাবে প্ৰদান কৰা হ’ব স্মাৰ্ট ঘড়ী আৰু কৰ্তব্যৰ সময়ত কৰ্মচাৰীসকলে এই ঘড়ী পৰিধান কৰি আহিব লাগিব।উল্লেখ্য যে প্ৰশাসনৰ কামক তুৰাম্বিত কৰিবলৈ এই কাৰ্যপন্থা গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে হাৰিয়ানা চৰকাৰ। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই ঘোষণা কৰিছে যোৱা শনিবাৰে। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, সকলো চৰকাৰী কাৰ্যালয়ত বায়মেট্ৰিক পদ্ধতিৰ যোগে এই কাম সম্পন্ন কৰা হ’ব ।চৰকাৰে এই দিশত প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

media school
Leave A Reply

Your email address will not be published.