ভয়ংকৰ ! দীপাৱলীৰ পূৰ্বে বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ু।

0 668

বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ সময়তে ৰাজধানী দিল্লীৰ পৰা আহিছে ভয়ংকৰ খবৰ। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। বিগত দুটা দিন ধৰি দিল্লীৰ বায়ুৰ ওপৰত নিৰীক্ষণ কৰি থকা হৈছিল। কিন্তু আশ্চৰ্য জনক ভাৱে বিগত দুটা দিনত ক্ৰমান্বয়ে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। বায়ু গুণমান সূচক অনুসৰি দিনক দিনে লেতেৰা হৈছে ৰাজধানীৰ বতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে ৩ নৱেম্বৰ অৰ্থাৎ বুধবাৰৰ দিনটোত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি যোৱাৰ আশংকা আছে।

delhi pollution

এইদৰে বায়ুৰ মানদণ্ড হ্ৰাস পাই থাকিলে ৪ নৱেম্বৰ পৰা ৬ নৱেম্বৰ পৰ্যন্ত দিল্লীত বায়ুৰ মানদণ্ড অধিক হ্ৰাস পাব।দীপাৱলীৰ সময়ত দেশত প্ৰায় বোৰ স্থানতেই বায়ু প্ৰদূষণ হোৱা দেখা যায় । দীপাৱলীত ফুটোৱা ফটকা বোৰক ইয়াৰ প্ৰধান কাৰণ বুলি ধৰা হয়।বায়ু প্ৰদূষণ আৰু জীৱকুলৰ প্ৰতি লক্ষ্য কৰি এইবাৰ কিছু কিছু ঠাইত ফটকা ফুটোৱাত নিষেধাজ্ঞা দিয়া হৈছে ।কিন্তু দীপাৱলীৰ পূৰ্বেই ৰাধানী দিল্লীৰ বায়ু এইদৰে বিষাক্ত হৈ উঠাক লৈ চিন্তিত হৈ পৰিছে বিভাগটো।যদি এইদৰে থাকে তেনেহ’লে আগন্তক দীপাৱলীত অধিক বিপদত পৰিব পাৰে দিল্লীৰ জনসাধাৰণ।

media school
Leave A Reply

Your email address will not be published.