সৰিয়হৰ ডুলিতেই ভূত,১৪ বছৰীয়া কিশােৰক যৌন নিৰ্যাতন বিশেষ ন্যায়াধীশৰ—

0 3,946

এইবাৰ সৰিয়হৰ ডুলিতেই ভূত। যিয়ে আন অপৰাধীৰ বিচাৰ কৰে, তেওঁৱেই এইবাৰ সন্মুখীন হ’ল বিচাৰৰ।এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। য’ত এজন ন্যায়াধীশৰ দ্বাৰা নিৰ্যাতিত হোৱা এটা ১৪ বছৰীয়া শিশুৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে।অভিযুক্ত ন্যায়াধীশজনক জীতেন্দ্ৰ সিং গুলিয়া বুলি চিনাক্ত কৰা হৈছে।

তেওঁ দুৰ্নীতি প্ৰতিৰোধৰ গোচৰ (এচিবি) ৰ এজন বিশেষ ন্যায়াধীশ।
এইটো অভিযোগ উত্থাপন হৈছে যে তেওঁৰ আন দুজন কৰ্মচাৰীয়েও নাবালক শিশুটোক যৌন নিৰ্যাতন কৰিছিল।
ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয় প্ৰশাসনে অভিযুক্ত ন্যায়াধীশক নিলম্বন কৰে আৰু ৰাজ্য চৰকাৰে এচিবিৰ উপ অধীক্ষকক নিলম্বন কৰে।ঘটনাটোৰ পিছত এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত অভিযুক্ত ন্যায়াধীশে ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰি থকা দেখা গৈছে।

media school
Leave A Reply

Your email address will not be published.