“ৰাইজৰ দাবীত মই পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিম” ক্ৰিকেটৰ পথাৰলৈ পুনৰ প্ৰত্যাৱৰ্তন যুৱৰাজ সিঙৰ

0 7,818

ক্ৰিকেটৰ পথাৰলৈ পুনৰ উভতি অহাৰ কথা ঘোষণা তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ।চলিত টি-২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ চূড়ান্ত হতাশজনক প্ৰদৰ্শনৰ পাছতে এই কথা সদৰি কৰিছে যুৱৰাজে।
যুৱৰাজ সিঙে টুইটাৰযোগে ৰাজহুৱাভাৱে তেওঁ ক্ৰিকেটৰ পথাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু বুলি সদৰী কৰে।
যুৱৰাজ সিঙে টুইটাৰত লিখিছে- ভগৱানে আপোনাৰ গন্তব্যস্থান নিৰ্ণয় কৰে!! ৰাইজৰ দাবীত মই পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিম, আশাকৰো ফেব্ৰুৱাৰিত মই ক্ৰিকেটৰ পথাৰলৈ উভতিম। সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ।’
উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত এদিনীয়া বিশ্বকাপ দখল কৰাৰ ক্ষেত্ৰত যুৱৰাজ সিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

media school
Leave A Reply

Your email address will not be published.