এফালে প্ৰাপ্তিৰ সুখ,আনফালে জন্মদাত্ৰীক হেৰুৱাৰ দুখ-মাতৃৰ বিয়োগ ঘটাত এইগৰাকী খেলুৱৈয়ে গ্ৰহণ কৰিব নোৱাৰিলে খেলৰত্ন পুৰস্কাৰ

0 942

২০২০ টকিঅ পেৰা অলিম্পিকত ভাৰতৰ হৈ সোণ জয় লাভ কৰি সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰা এগৰাকী খেলুৱৈ। যাৰ নাম এইবাৰ ঘোষণা কৰা গৈছিল মেজৰ ধ্যনচাঁন্দ খেলৰত্ন পুৰস্কাৰৰ বাবে। খেলুগৰাকীৰ লগতে ঘৰখনত একপ্ৰকাৰ সুখৰ বন্যা বৈছিল।১৩ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা ক্ৰীড়া জগতৰ শ্ৰেষ্ঠ পুৰস্কাৰ গ্ৰহণ কৰাৰ বাবে সকলো তৈয়াৰো ইতিমধ্যে সম্পন্ন হৈছিল। খেলুৱৈগৰাকী হৈছে পেৰা অলিম্পিকৰ বেটমিণ্টনৰ এম৬ কেটেগৰীৰ সোণৰ পদত বিজেতা কৃষ্ণা নাগৰ।

পিছে শেষ মুহুৰ্তত এজাক ধুমুহাই কোবাই যায় ঘৰখনৰ লগতে খেলুৱৈগৰাকীক। শুকুৰাবাৰে নিশা মৃত্যু হয় কৃষ্ণা নাগৰৰ মাতৃৰ। কেইদিনমান পূৰ্বে ঘৰৰ ছাদৰ পৰা পৰি গৈছিল মাতৃ। লগে লগে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত।পিছে অৱশেষত হাস্পতালৰ বিছনাতেই শেষ নিশ্বাস এৰে কৃষ্ণা নাগৰৰ মাতৃয়ে। যাৰ বাবে পুৰস্কাৰ গ্ৰহণৰ বাবে দিল্লীলৈ অহাৰ পিছতো পুনৰ ঘৰলৈ উভতি যাব লগা হয় খেলুৱৈগৰাকী। মুহুৰ্ততে সকলো সুখ দুখৰ হৈ পৰে।উল্লেখ্য যে, এইবাৰৰ ক্ৰীড়া জগতৰ শ্ৰেষ্ঠ সন্মান খেল ৰত্ন বঁটা মুঠ ১২ গৰাকী খেলুৱৈলৈ আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত নীৰজ চোপ্ৰা, অসমৰ লাভলীনাৰ লগতে কেইবাগৰাকী পেৰা অলিম্পিক বিজেতাৰো নাম সন্নিবিষ্ট আছে।

media school
Leave A Reply

Your email address will not be published.