দেশৰ বিশিষ্ট সাংবাদিক বিনোদ দুৱাৰ মৃত্যু

0 431

দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি থকা দেশৰ জ্যেষ্ঠ সাংবাদিক বিনোদ দুৱাৰ শনিবাৰে মৃত্যু হয়। বিনোদ দুৱাৰ জীয়ৰী মল্লিকা দুৱাই শনিবাৰে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত দেউতাকৰ মৃত্যু সন্দৰ্ভত অৱগত কৰিছে৷ মল্লিকাই তেওঁৰ পোষ্টত দেউতা বিনোদ দুৱাৰ মৃত্যুসংবাদ উল্লেখ কৰি লোধি শ্মশানত বিনোদ দুৱাৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব বুলি জনায়।

মৃত্যুৰ সময়ত বিনোদ দুৱাৰ বয়স ৬৭ বছৰ আছিল। তেওঁৰ জন্ম নতুন দিল্লীত হৈছিল। দূৰদৰ্শন আৰু এনডিটিভি ( NDTV)ৰ  দৰে মুখ্য প্ৰতিষ্ঠানত কাম কৰা বিনোদ দুৱাক ১৯৯৬ চনত ৰামনাথ গোয়েঙ্কা বঁটা প্ৰদান কৰা হৈছিল।

দুৱা এজন বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক আছিল। ২০০৮ চনত সাংবাদিকতাৰ বাবে পদ্মশ্ৰী বঁটাও লাভ কৰিছিল দুৱাই। উল্লেখ্য, কোৰোনাত আক্ৰান্তৰ পিছৰে পৰা বিনোদ দুৱাৰ  স্বাস্থ্যজনিত সমস্যাই গম্ভীৰ ৰূপ লৈছিল।

media school
Leave A Reply

Your email address will not be published.