বিধাতাৰ নিষ্ঠুৰ বিধানৰ কৱলত আফগানিস্থান,দুটাকৈ প্ৰচণ্ড ভূমিকম্পৰ ফলত তচনচ দেশখনৰ সামগ্ৰীক জনজীৱন

0 3,995

বিধাতাৰ নিষ্ঠুৰ বিধানৰ কৱলত আফগানিস্থান৷
দুটাকৈ হোৱা প্ৰচণ্ড ভূমিকম্পৰ ফলত দেশখনৰ সামগ্ৰীক জনজীৱন তচনচ হৈ পৰিছে৷


ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি তিনিখন পশ্চিমৰ প্ৰদেশ বাঘিছ, ঘৰ আৰু হেৰাটৰ সহস্ৰাধিক ঘৰ ভগ্নস্তুপত পৰিণত হয়৷ শিশু আৰু মহিলাকে ধৰি ২৬ জন লোকৰ মৃত্যু ঘটিছে৷
ভূমিকম্পৰ লগতে হোৱা ধাৰাসাৰ বৰষুনৰ ফলত শ শ ঘৰ বোকাত পোত যায় আৰু শ শ লোক আবদ্ধ হৈ পৰে৷

ৰাষ্ট্ৰসংঘৰ সহায়কাৰী দলে বিভিন্ন পীড়িত লোকক সহায়ৰ হাত আগবঢ়াইছে আৰু স্থানীয় উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে৷
দেশখনত অধিৰ পৰিমাণে খাদ্য, আশ্ৰয়, ঔষধ পৰু গৰম কৰা সমগ্ৰীকে ধৰি বহু আৱশ্যকীয় বস্তুৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.