টী-২০ বিশ্বকাপৰ প্ৰথম মেচতে সন্মুখ সমৰত ভাৰত-পাকিস্তান

0 11,483

টী-২০ বিশ্বকাপত প্ৰথমখন মেচতে ভাৰতে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে মুখামুখি হ’ব।এই মেচখন অহা ২৩ অক্টোবৰত মেলব’ৰ্ণত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে আইচিচিয়ে ঘোষণা কৰিছে ২০২২চনৰ টী-২০ বিশ্বকাপৰ সময় সূচী ।যোৱা বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজৰ মেচেৰে ছিডনিত ২২অক্টোবৰত আৰম্ভ হ’ব মূল পৰ্বৰ খেল।

মূল পৰ্বৰ ছুপাৰ-১২ৰ গ্ৰুপ-২ত ভাৰতৰ সৈতে আছে
পাকিস্তান, বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু যোগ্যতা অৰ্জন পৰ্যায়ৰ পৰা অহা দুটা দল।
আনহাতে, গ্ৰুপ-১ত আছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড, আফগানিস্তান আৰু যোগ্যতা অৰ্জন পৰ্যায়ৰ পৰা অহা দুটা দল। AA
গ্ৰুপ পৰ্যায়ত ভাৰত খেলসমূহ হল
২৩ অক্টোবৰ- ভাৰত বনাম পাকিস্তান, মেলব’ৰ্ণ, দুপৰীয়া ১-৩০বজাত
২৭ অক্টোবৰ -ভাৰত বনাম যোগ্যতা অৰ্জনকাৰী দল, ছিডনি, দুপৰীয়া ১২-৩০বজাত
৩০ অক্টোবৰ – ভাৰত বনাম দক্ষিণ আফ্ৰিকা (পাৰ্থ, আবেলি ৪-৩০বজাত
২ নৱেম্বৰ – ভাৰত বনাম বাংলাদেশ, এডিলেইড, দুপৰীয়া ১-৩০বজাত
৬নৱেম্বৰ- ভাৰত বনাম যোগ্যতা অৰ্জনকাৰী দল, মেলব’ৰ্ণ, দুপৰীয়া ১-৩০বজাত।
সূচী অনুসৰি, দুখন ছেমিফাইনেল ৯ আৰু ১০ নৱেম্বৰত ক্ৰমে ছিডনি আৰু এডিলেইডত খেলোৱা হ’ব। সেইদৰে, ১৩ নৱেম্বৰত মেলব’ৰ্ণত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।
News Desk

Leave A Reply

Your email address will not be published.