বিশ্বৰ দৰবাৰত মোদীৰ জয়-জয়, ময়-ময়- দেশবাসীৰ মুড আজিও মোডী অনুকুল

0 809
  • মোডী আজিও দেশৰ জনপ্ৰিয়তাৰ শীর্ষত
  • মোডীৰ জনপ্ৰিয়তাই ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীকো চেৰ পেলাইছে
  • ৰাষ্ট্ৰীয় অভিলেখ চেৰ পেলোৱা একমাত্ৰ বিজেপি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা

দেশৰ আগশাৰীৰ পত্ৰিকা ইণ্ডিয়া টুডে’ই যোৱা ২০ জানুৱাৰীত প্ৰকাশ কৰা তেওঁলোকৰ মুড অব দা নেচন শীর্ষক সমীক্ষাৰ লাফলত কোৱা হৈছে দেশৰ জনপ্ৰিয় নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ শীর্ষ স্থিতি আজিও অব্যাহত যদিও ২০২৪ চনৰ নির্বাচনৰ পূর্বে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে সমাধান কৰিবলগীয়া সমস্যাও যে নাই, তেনে নহয়৷ দেশবাসীৰ মানসিক অৱস্থা কোভিড নাইনটিনৰ দ্বিতীয় ঢৌৰ সময়ত মুঠেও সুখকৰ নাছিল, ইয়াৰ প্ৰায় ছমাহৰ পিচত পৰিস্থিতিয়ে সামান্য শাম কাটিছে যদিও ধন-জন আৰু জীৱিকা হানিৰ বেদনাদায়ক স্মৃতি আঁতৰ হোৱা নাই৷

বিগত ২০২১ৰ অধিকাংশ সময়েই আন্দোলনকাৰী কৃষকৰ সৈতে চৰকাৰৰ বিবাদ চলি্ছিল আৰু দুয়োপক্ষৰ প্ৰতিনিধিবর্গৰ তর্কযুদ্ধৰ লগতে সংবাদ মাধ্যমৰ বিশ্লেষকমণ্ডলীৰ মাজত সৃ্ষ্টি হৈছিল উলম্ব বিভাজনৰ৷এনডিএ চৰকাৰৰ কৃষি আইন পুঁজিপতিৰ স্বার্থত এক কৌশল বুলি অভিহিত হৈছিল৷ ইতিমধ্যে চৰকাৰে তিনিওখন আইন বাতিল কৰা হেতুকে ইণ্ডিয়া টুডে’ৰ শেহতীয়া সমীক্ষাৰ সময়ত কোনো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা নাছিল৷ ইয়াৰ লগতে ভেকচিন প্ৰদানৰ সাফল্যয়ো দেশবাসীক সকাহ দিছিল শেহতীয়া এই সমীক্ষাৰ সময়ত৷ অৱশ্যে কেইবাখনো ৰাজ্যত নির্বাচনৰ দিন সমাগত হোৱা হেতুকে কোভিড নিয়ন্ত্ৰণ ব্যৱস্থাৱলী নির্বাচনী আয়োগে কঠোৰ নকৰাকৈ থকা নাই৷ তৎসত্বেও আলোড়ন সৃষ্টিকাৰী কোনো সমস্যাত সম্প্ৰতি দেশবাসী জুৰুলা নোহোৱাকৈ আছে৷ থোৰতে এই মুড অব দা নেচন বা দেশবাসীৰ মনোভাৱ সমীক্ষাৰ ফলাফল একেধৰণৰ:

১. জনপ্ৰিয়তাৰ শীর্ষত মোডী

সমীক্ষাত ভাগ লোৱা লোকৰ ৫৮ শতাংশ মোডীৰ কাম কাজকলৈ সন্তুষ্ট, ২৬ শতাংশ অসন্তু্ষ্ট আৰু এই অসন্তু্ষ্টিৰ হাৰে বুজায় যে দেশবাসীৰ মাজত মেৰুকৰণ বৃদ্ধি হৈছে৷ ২০২১ চনৰ আগষ্ট চলোৱা পূর্বৰ একে সমী্ক্ষাত মোডীৰ সৈতে অসন্তুষ্ট লোকৰ হাৰ ৮ শতাংশ আছিল৷ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৮টা বছৰ সম্পূর্ণ কৰাৰ পিচতো, তথা দেশত এক অর্থনৈতিক সংকটে বিৰাজ কৰাৰ সময়তো মোডীৰ কাম কাজক ভাল অথবা উন্নত বুলি কোৱা লোকৰ হাৰ প্ৰায় ৬৮ শতাংশ, সেয়ে মোডীৰ জনপ্ৰিয়তাই ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীকো চেৰ পেলাইছে৷

২, বিজেপিৰ নির্বাচনী সাফল্যত প্ৰধান ভূমিকা মোডীৰ

২০২৪ চনৰ নির্বাচনত বিজেপি যদি পুনৰ বিজয়ী হয়, তেন্তে তাৰ বাবে কৃতিত্ব লভিব মোডীৰ ব্যক্তিগত আবেদন, জনপ্ৰিয়তা আৰু ভোটাৰৰ সৈতে বর্তাই ৰখা সম্বন্ধই৷ ইয়াৰ লগতে বিজেপিৰ জয়লাভৰ আন উপাদানসমূহ হবগৈ এক সদা স্‌ষ্টম নির্বাচনী প্ৰক্ৰিয়া, বিপুল পৰিমাণৰ নির্বাচনী পুঁজি আৰু তৃণমূল পর্য্যায়ত সংঘ পৰিয়াল কর্মীসকলৰ প্ৰচে্ষ্টা৷

আজি দেশৰ যি দহজন মুখ্যমন্ত্ৰীৰ সাফল্যৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ উচ্চ, তেওঁলোকৰ মাথো এজন হিমন্ত বিশ্ব শর্মাহে বিজেপি বা এনডিএৰ মুখ্যমন্ত্ৰী, আন কেউজন এনডিএ মুখ্যমন্ত্ৰীৰ প্ৰদর্শন ৰাষ্ট্ৰীয় হাৰতকৈ নিম্ন, আনকি ২০১৭ চনৰে পৰা এই স্থিতি চলি আহিছে৷ সেয়ে বিজেপিৰ সম্ভাৱ্য নির্বাচনী সাফল্যৰ একমাত্ৰ আধাৰ মোডীয়েই হব লাগিব৷

উত্তৰ প্ৰদেশৰ বিধান সভা নির্বাচনত মুখ্যমন্ত্ৰী প্ৰক্ষেপ নকৰাকৈয়ো দলে বিপুল জয়লাভ সাব্যস্ত কৰিছিল৷ ২০১৭ চনত গুজৰাটত কংগ্ৰেছ দলে এক অপ্ৰত্যাশিত ফলাফলৰ উপক্ৰম ঘটাব খুজিছিল যদিও অন্তিম মহূর্তত মোডীহে ত্ৰাণকর্তাৰ ৰূপত অৱতীর্ণ হয়৷

২০১৮ৰ এপ্ৰিল-মে’ত কর্ণাটক বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত কংগ্ৰেছ আৰু জেদিএচ দলে নির্বাচনোত্তৰ মিত্ৰতাৰে চৰকাৰ গঠন কৰিছিল৷ সেই একে বছৰৰে ডিচেম্বৰত মধ্যপ্ৰদেশ, ৰাজস্থান আৰু চট্তিছগড়ত বসুন্ধৰা ৰাজে, শিৱৰাজ চৌহান আৰু ৰমণ সিঙৰ দৰে নেতা থকাৰ পিচতো বিজেপি ক্ষমতাচ্যুত হৈছিল৷ কিন্তু তাৰ পিচৰ বছৰ, ২০১৯ৰ লোক সভা নির্বাচনত এই তিনিওখন ৰাজ্যত বিজেপিৰ সাফল্য আছিল চমকপ্ৰদ৷ যদিহে ২০২৩ চনত এই ৰাজ্যকেইখনত হবলগীয়া নির্বাচনত বিজেপিৰ আসনৰ সংখ্যা কমে, তেন্তে ই সুচাব যে ৰাজ্যকেইখনৰ স্থানীয় বিজেপি নেতাৰ সৈতে ভোটাৰ অসূখী, এনে পৰিস্থিতিত মোডীৰ স্থিতি অধিক শক্তিশালী হোৱাৰে সম্ভাৱনা৷

৩. প্ৰত্যাহ্বান আঞ্চলিক দলৰ

কেন্দ্ৰত শাসনাধিষ্ঠ দল বিজেপিৰ বাবে একমাত্ৰ প্ৰত্যাহ্বান হৈছে আঞ্চলিক ৰাজনৈতিক দল৷ ২০১৯ চনত হাৰিয়ানাত বিজেপি মুখ্যমন্ত্ৰী মনোহৰ লাল খট্তৰৰ ত্ৰাণকর্তাৰুপে অৱতীর্ণ হৈছিল লোক দলৰ পৰা ফাটি অহা দুষ্যন্ত চৌতালা নেতৃত্বাধীন এটা গোট৷ঝাৰখণ্ডত ৰঘুবৰ দাসৰ নেতৃত্বাধীন বিজেপি চৰকাৰ পৰাভূত হৈছিল হেমন্ত সোৰেন আৰু জেএমএম গোটৰ হাতত, সেইদৰে শাৰদ পাৱাৰ-উদ্ধৱ থাকৰেৰ বুজাবুজিয়ে বিপর্য্যস্ত কৰে মোডী-অমিত শ্বাহৰ ৰণকৌশলকো ৷ বিজেপি-শিৱসেনা মিত্ৰজোটে সর্বাধিক সংখ্যক আসন লাভ কৰাৰ পিচতো বিজেপি আজি বিৰোধীৰ আসনত৷ ইয়াৰ পিচতে ২০২০ চনত দিল্লীত আম আদমি পার্টিয়ে বিজেপিক পৰাস্ত কৰে৷ সেই একে বছৰতে বিহাৰত আৰজেডি দলৰ তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ বাবে বিজেপি দল আচাদুদ্দিন ওৱেইচি আৰু ৰাহুক গান্ধীৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত৷ ২০২১ চনত আঞ্চলিক দলৰ হাতত বিজেপি বিপর্যস্ত হয় কেৰালা আৰু তামিলনাডুত৷ পশ্চিম বংগত তৃণমূল দলে বিজেপিক কেৱল ৭৭খন আসনতহে বিজয়ী হবলৈ দিলে৷ পুর্বৰ বিধান সভা নির্বাচনত মাথো তিনিখন আসন লাভ কৰা বিজেপিৰ আসনৰ সংখ্যা যথেষ্ঠ সংখ্যকেই বৃদ্ধি হ’ল যদিও দলৰ আশাত চেঁচা পানী পৰিল৷

অসমত বিজেপিৰ জয়লাভ এপাচি শাকত এটা জালুকৰ দৰে, এক সান্ত্বনা পুৰস্কাৰ স্বৰূপ৷ সাধাৰণতে দেখা যায় ভালেমান ৰাজ্যৰ বিধান সভা নির্বাচনত বিজেপি পৰাজিত হোৱাৰ পিচতো লোক সভাৰ নির্বাচনত মোডীৰ প্ৰভাৱ প্ৰতিহত নহয়, কিন্তু পশ্চিম বংগৰ দৰে ৰাজ্য কেইখনৰ আঞ্চলিকতাবাদী নেতাই এনে হবলৈ নিদিলে৷ ইণ্ডিয়া টুডে’ৰ সমীক্ষা অনুসৰি পশ্চিম বংগত আজিৰ তাৰিখত লোকসভাৰ নির্বাচন অনুষ্ঠিত হলে তৃণমূল দলে মুঠ ৪২ খন আসনৰ ৩৫খনেই দখল কৰিব৷ অখিলেশ যাদৱ উত্তৰ প্ৰদেশত যদি সফলকাম হয়, তেন্তে বিজেপিৰ প্ৰতি আঞ্চলিকতাবাদৰ প্ৰত্যাহ্বান অধিক শক্তিশালী হব৷

৪. কংগ্ৰেছৰ বাবে সময় আত্ম-সমালোচনাৰ

চোনিয়া-ৰাহুল-প্ৰিয়াংকা ত্ৰিমূর্তিৰ বাবে এতিয়া এক গভীৰ আত্ম-সমালোচনাৰ সহায়ত, শক্তিশালী হৈ উঠা আঞ্চলিতাবাদী দলৰ সৈতে লগ লাগি এক বিজেপি-বিৰোধী শিবিৰ গঢ়ি তোলাৰ সময় সমাগত৷ ইণ্ডিয়া টুডে’ৰ শেহতীয়া সমীক্ষাৰ ফলাফল অনুসৰি আজিৰ তাৰিখত লোকসভাৰ নির্বাচন অনুষ্ঠিত হলে কংগ্ৰেছে ২০ শতাংশ ভোট লাভ কৰিব, লগতে আন কোনো বিৰোধী দলেই অন্তত: ৫ শতাংশ ভোটো লাভ কৰিব নোৱাৰে৷নির্বাচনৰ পুর্বে বা পিচতো বিজেপি-বিৰোধী জোটবন্ধনত কংগ্ৰেছেই হব প্ৰধান শক্তি৷ ২০০৪ চনত অপ্ৰত্যাশিত ভাবে ঠিক এনেকুৱাই হৈছিল যদিও এইবাৰৰ সমীক্ষাই কয় যে ২০ শতাংশ ভোটেৰে কংগ্ৰেছে লাভ কৰিব মাথে্া ৬২খন আসন, কর্ণাটক আৰু হাৰিয়ানাৰ বাহিৰে আন সমূহ ৰাজ্যত দুমুখীয়া প্ৰতিদ্বন্দিতাত কংগ্ৰেছৰ বাবে ফলাফল হব শোচনীয়৷ কংগ্ৰেছৰ সভাপতি হবলৈ অস্বীকাৰ কৰা ৰাহুল গান্ধীক আঞ্চলিক দলসমূহে নেতা হিচাপে গ্ৰহণ নকৰিব, গতিকে ৰাহুলৰ বাবে নেপথ্যৰ পৰা শাসন চলোৱাৰো মুদা মৰিব৷ ৰাজনীতিত নিষ্ক্ৰিয়তা টিকি নাথাকে, সেয়ে মোডীৰ শাসনৰ ওৰ পেলোৱাৰ হকে কংগ্ৰেছৰ ভূমিকা কি হব, তাক দলে অচিৰেই নির্ণয় কৰা আৱশ্যক৷

৫. অর্থনীতি বিজেপিৰ বাবে উদ্বেগজনক

ইণ্ডিয়া টুডে’ৰ সমীক্ষা অনুসৰি সর্বসাধাৰণৰ বাবে আজি বর্দ্ধিত মূল্য আৰু মুদ্ৰাস্ফিতীয়ে হৈছে সবাতোকৈ উদ্বেগৰ বিষয়৷ ২০১৩ৰ আগষ্ট আৰু জানুৱাৰী ২০১৪তো পৰিস্থিতি আজিৰ দৰে হৈছিল৷ আগষ্ট ২০২১ৰ সমীক্ষাৰ পিচৰে পৰা কর্মস্থাপনহীনতাক লৈ উদ্বেগ হ্ৰাস হৈছে যদিও ২০২৪ৰ নির্বাচনত ই হব দ্বিতীয় গুৰুত্বপূর্ণ চিন্তাৰ বিষয়৷ সুখৰ বিষয় যে পৰবর্তী নির্বাচনলৈ এতিয়াও হাতত দুবছৰ সময় আছে আৰু এই সময়ছোৱাত মোডী যদি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত ব্যর্থ হয়, তেন্তে সংকটক সুযোগলৈ সলনি কৰিব নোৱাৰা এজন নেতাৰূপে তেওঁ পৰিগণিত হব৷

ধ্ৰুৱ শইকীয়া

19A near Srimantapur LP School, Guwahati-781032

Mobile : 84719 31724

Leave A Reply

Your email address will not be published.