অৰুণাচল প্ৰদেশত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বিমানৰ ধ্বংসাৱশেষ

0 3,016

অৰুণাচল প্ৰদেশত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বিমানৰ ধ্বংসাৱশেষ

সুদীৰ্ঘ ৭৭ বছৰৰ পাছত অৰুণাচল প্ৰদেশৰ দুৰ্গম পৰ্বতত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হোৱা এখন বিমানৰ। অৰুণাচলৰ এখন বৰফাবৃত্ত পাহাৰৰ শিখৰত উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ।

সংবাদ সংস্থা এএফপিৰ প্ৰতিবেদন অনুসৰি,১৯৪৫ চনৰ জানুৱাৰী মাহত চি-৪৬ পৰিবহন বিমানখনে
চীনৰ কুনমিংৰ পৰা ১৩ জন লোকক কঢ়িয়াই লৈ গৈছিল। কিন্তু বেয়া বতৰৰ বাবে বিমানখন অৰুণাচলত পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰে। সন্ধানহীন হৈ থকা বিমানখনৰ ভিতৰত থকা এগৰাকী ব্যক্তিৰ পুত্ৰ বিল শ্বেৰৰে ক্লেটন কুহল্সক বিমানখনৰ সন্ধান উলিওৱাৰ দায়িত্ব অৰ্পণ কৰিছিল। ক্লেটন কুহল্সে স্থানীয় লিচাউ জনগোষ্ঠীৰ সৈতে মিলি সন্ধানহীন বিমানখনৰ সন্ধান
চলায়

এই অভিযানৰ আৰম্ভণিতে হাইপোথাৰ্মিয়াৰ ফলত তিনিজন গাইডৰ মৃত্যুও ঘটিছিল। কিন্তু অৱশেষত অভিযানকাৰী দলটোৱে বৰফৰে আবৃত্ত এখন পাহাৰৰ শিখৰত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে।বিমানখনৰ টেল নম্বৰৰ জৰিয়তে তেওঁলোকে সন্ধানহীন হৈ থকা বিমানখন চিনাক্ত কৰে। উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত, চীন আৰু ম্যানমাৰৰ চাৰিওফালে শ শ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান সন্ধানহীন হৈছিল।
সেই সময়ত জাপানী সেনাৰ গুলীচালনাত কিছু বিমান ভূপতিত হৈছিল আৰু আন কিছু বেয়া বতৰৰ বাবে দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন হৈ পৰিছিল।
News Desk,E News Ne

Leave A Reply

Your email address will not be published.