বাজেট অধিৱেশনৰ পূৰ্বে ৩১ জানুৱাৰীত সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰৰ

0 457

বাজেট অধিৱেশনৰ পূৰ্বে ৩১ জানুৱাৰীত সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰৰ

২০২২ বৰ্ষৰ ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰা হ’ব তাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশনৰ বিষয়ে আলোচনা কৰিবলৈ ৩১ জানুৱাৰীৰ আবেলি ৩ বজাত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে বিৰোধীৰ সৈতে বিষয়বোৰৰ আলোচনাৰ বাবে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

সৰ্বদলীয় বৈঠকৰ পিছত বিজেপি সংসদীয় কাৰ্যকৰী সমিতিৰ বৈঠক আৰু তাৰ পিছত এন ডি এৰ মজিয়াৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব।উল্লেখ্য যে বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।বাজেট অধিৱেশনৰ দ্বিতীয় অংশ ১৪ মাৰ্চত আৰম্ভ হ’ব আৰু ৮ এপ্ৰিললৈকে চলিব।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.