দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দেশৰ অন্যতম গ্লেমাৰাছ ক্ৰিকেট টুৰ্ণামেন্ট আই পি এল

0 1,538

দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দেশৰ অন্যতম গ্লেমাৰাছ ক্ৰিকেট টুৰ্ণামেন্ট আই পি এল

২০২২ বৰ্ষৰ আই পি এল অনুষ্ঠিত হ’ব ভাৰততে।দেশত Corona Virusৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শক বিহীন ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব এই বছৰৰ আই পি এল।
উল্লেখ্য যে, ২০২০ বৰ্ষত ক’ৰনাৰ কাৰণে ইউএইত অনুষ্ঠিত হৈছিল আই পি এল। লগতে যোৱা বছৰ অৰ্থাৎ ২০২১ বৰ্ষৰ প্ৰথম লেগৰ পিছত, লীগটো ইউ.এ.ই.লৈ লৈ যাব লগা হৈছিল। সংবাদ সংস্থা ANIক বিচিচিআই সূত্ৰই জানিব দিয়া মতে,এই বৰ্ষৰ আই পি এল ভাৰততে অনুষ্ঠিত হ’ব।

এইবাৰ আই পি এল কেৱল মুম্বাইত অনুষ্ঠিত হ’ব। খেলসমূহ মুম্বাইৰ ৱাংখেড়ে, ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়া আৰু ডিভিএআই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰয়োজন হ’লে পুনেত আই পি এলৰ খেল অনুষ্ঠিত হ’ব।

এইবাৰ আই পি এলৰ মেগা নিলামৰ বাবে ১,২০০ ৰো অধিক খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ৮৯৬ জন ভাৰতীয় আৰু ৩১৮ জন বিদেশী খেলুৱৈ আছে। নিলাম ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ’ব।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.