কৰ’নাৰ আতংকৰ বাবে নিজৰ বিয়া স্থগিত ৰাখিলে প্ৰধানমন্ত্ৰীয়ে

0 720

কৰ’নাৰ আতংকৰ বাবে নিজৰ বিয়া স্থগিত ৰাখিলে প্ৰধানমন্ত্ৰীয়ে

কৰ’না আতংকৰ বাবে বহুতো মূল্যৱান অনুষ্ঠান বাতিল কৰিছে।আনকি বিয়াৰ ক্ষেত্ৰতো নিমন্ত্ৰিতৰ তালিকা কৰ্তন কৰিবলগীয়া হৈছে অনিচ্ছাকৃতভাৱে। অতিমাৰীৰ এনে প্ৰকোপৰ বাবে বিবাহ অনুষ্ঠান ‌বাতিল কৰিলে প্ৰধানমন্ত্ৰীয়ে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰ্ডেনৰ তেওঁৰ সংগী ক্লাৰ্ক গেফ’ৰ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল কিন্তু নিউজিলেণ্ডত হঠাতে অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বিয়া পিছুৱাই দিয়াৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী ডেছিণ্ডা আৰ্ডেনে।

জেছিকা আৰ্ডেনে কয়,’’আমাৰ বিয়া এতিয়াই নহয়। দেশৰ বহুলোকৰ একেধৰণৰ অভিজ্ঞতা হৈছে। আমিও তেওঁলোকৰ সংগী হ’লো। এনে পৰিস্থিতিত যিসকলে বিয়া স্থগিত ৰাখিব লগা হৈছে তেওঁলোকৰ বাবে আমি দু:খিত।‘’
নিউজিলেণ্ডত হঠাতে অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.