মোদীক জনালে মমতাই সমৰ্থন !

0 395

এইবাৰ হাইঠা পৰিলে মাটিত।একেটা ঘাটতে পানী খালে বাঘ আৰু ছাগলীয়ে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অকুণ্ঠ সমৰ্থন জনালে মমতা বেনাৰ্জীয়ে। ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধৰ পৰা নিৰপেক্ষ দূৰত্বত অৱস্থান কৰা মোদীক সমৰ্থন বংগ কন্যাৰ৷ ৰাষ্ট্ৰৰ স্বাৰ্থত ৰাষ্ট্ৰৰ সৈতে সকলো একেলগ হোৱাৰ আহ্বান মমতা বেনাৰ্জীৰ ।

ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব লাগে৷ মোদীলৈ পত্ৰ লিখি মমতা বেনাৰ্জীয়ে চৰ্ত্তহীন সমৰ্থন জনায় আৰু সৰ্বদলীয় বৈঠকৰ পোষকতা কৰে৷ ভাৰতে আন্তৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলিও মত প্ৰকাশ বংগ কন্যাৰ ।ঘৰুৱা মনোমালিন্য আঁতৰত ৰাখি বিশ্বৰ বৃহৎ গনতন্ত্ৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ প্ৰতি মমতাই জনালে সমৰ্থন।

media school
Leave A Reply

Your email address will not be published.