ৰোমানিয়াৰ পৰা মাতৃভূমিলৈ উভতিব ভাৰতীয়লোক
যুদ্ধজৰ্জৰ ইউক্ৰেইনত অব্যাহত আৱদ্ধ ভাৰতীয় লোকৰ উদ্ধাৰ কাৰ্য। Indian Air Force ৰ তিনিখন C-17 এয়াৰক্ৰাফ্ট ৰাওনা হৈছে ইউক্ৰেইনলৈ ।এই বিমানত কঢ়িওৱা হৈছে খাদ্য আৰু চিকিৎসা সামগ্ৰী ।
ৰোমানিয়া, পোলেণ্ড, শ্লোভাকিয়া আৰু হাংগেৰীলৈ প্ৰেৰণ কৰা হৈছে ভাৰতীয় বায়ুসেনাৰ বিমান । আজি পুৱাতেই ৰোমানিয়াৰ পৰা ভাৰতীয় লোকক লৈ মাতৃভূমি অভিমুখে ৰাওনা হৈছে তিনিখন বিমান ।বৈদেশিক মন্ত্ৰালয়ে হাতত লৈছে ভাৰতীয় লোকক উভতাই অনাৰ ব্যৱস্থা । উল্লেখযোগ্য যে ইতিমধ্যে ভাৰতত থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক ভাৰত চৰকাৰে তলব কৰিছে ।