বিধায়ক অখিল গগৈক বিধান সভা সদনৰ পৰা বহিষ্কাৰ৷

0 1,246

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমটো দিনতে সদনৰ পৰা বহিষ্কাৰ কৰা হয় বিধায়ক অখিল গগৈক। ৰাজ্যপালৰ ভাষণত বাধা আৰোপ কৰা বাবে বিধায়ক গগৈক অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বহিষ্কাৰৰ নিৰ্দেশ দিয়ে ৷ কৃষক ৰাইজৰ পৰা চৰকাৰে পৰ্যাপ্ত ধান ক্ৰয় নকৰা আৰু এক লাখ নিবনুৱাক চাকৰি নিদিয়াৰ অভিযোগ বিধায়ক গগৈৰ ৷ ইফালে বিধান সভাৰ সদনৰ বাহিৰত বিধায়ক গগৈয়ে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে ৷

বহিষ্কাৰ হোৱাৰ পিছত বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘বিধানসভাত ৰাজ্যপালৰ যি ভাষণ, সেই ভাষণ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়মীয়া কাম–কাজৰ প্ৰশংসাৰ বাদে আন একো নহয়। ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যাৰ কথা সামান্যতমো উল্লেখ নাই।’’ অখিল গগৈয়ে কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হৈছে, চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিকটন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিকটন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। চৰকাৰ বিফল হৈছে। অথচ ইয়াত কোৱা হৈছে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। ৰাজ্যপালে মিছা কথা কৈ থাকিব আৰু জনপ্ৰতিনিধি হিচাপে আমি মনে মনে বহি থাকিম, সেয়া হ’ব নোৱাৰে।’

Leave A Reply

Your email address will not be published.