সাগৰত ওলাইছে মানুহৰ আকৃতিৰ বৃহদাকায় মাছ

0 75,723

সাগৰত ওলাইছে মানুহৰ আকৃতিৰ বৃহদাকায় মাছ ৷ মাছমৰীয়াৰ এটা দলে এটা ভয়ংকৰ মাছ পাইছে৷ মানুহৰ দৰেই এই মাছটো দেখি মাছমৰীয়া মাজত হাহাকাৰ সৃষ্টি হৈছে। ঘটনাটো অলপতে অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে।অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাৰ মাছমৰীয়াসকলে মানুহৰ মুখৰ দৰে এটা মাছ লগ পায়৷ইমান ডাঙৰ প্ৰকাৰৰ মাছ দেখি ওচৰৰ মাঝিপাৰাৰ স্থানীয় মাছমৰীয়াসকলে ভয় খাই চাৰিওফালৰ গাওঁবোৰত বাতৰিটো প্ৰচাৰ কৰে। এইটো বৰ বিপদজনক আৰু যিকোনো লোকক হত্যা কৰিব পাৰে। ইয়াক সাধাৰণতে বিভিন্ন নাম যেনে ‘বেলুন মাছ’, ‘পাৱাৰ ফিছ’ বুলি কোৱা হয় ৷ আনহাতে কিছুমানে ইয়াৰ শক্তি আৰু আকাৰৰ বাবে ইয়াক ‘গ্লোব ফিছ’ বুলিও কয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘টেট্ৰাওডন’। এই মাছটো খোৱাটোও নিষিদ্ধ, ইয়াৰ শৰীৰত  তীব্ৰ বিষ থাকে। জাপানত, কেৱল অনুজ্ঞাপ্ৰাপ্ত ৰান্ধনীসকলেহে এই মাছ ৰান্ধে। তেওঁলোকে ইয়াৰ শৰীৰৰ বিষাক্ত অংশটো আঁতৰ কৰে আৰু ইয়াক বিষমুক্ত কৰে। জাপান চৰকাৰে এই মাছ খোৱা নিষিদ্ধ কৰিছে যদিও জাপানৰ মানুহে গোপনে এই মাছ খায় বুলি কোৱা হয়।

media school
Leave A Reply

Your email address will not be published.