অসম সাহিত্য সভাৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

0 1,287

অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহত অসমৰ ভাষা আইনৰ দ্বাৰা স্বীকৃত আটাইকেইটা চৰকাৰী ভাষা অবহেলিত হোৱাৰ উপক্রম হোৱাত তীব্র আক্ষেপ প্রকাশ কৰিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ সভাপতি কুলবৰ শইকীয়া আৰু প্রধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্রযোগে বিষয়টো সম্পৰ্কত সভাৰ স্থিতি স্পষ্ট কৰি কয় – ভাৰতৰ অধিকাংশ ৰাজ্যৰ লোকসেৱা আয়োগৰ দৰে অসম লোকসেৱা আয়োগেও পৰীক্ষাসমূহত ৰাজ্যমনৰ চৰকাৰী ভাষাৰ ন্যূনতম জ্ঞান (ক’ব, পড়িব আৰু লিখিব পৰান) যোগ্যতা নির্ণায়ক পরীক্ষা বাধ্যতামুলক হোৱাবো সম সাহিত্য সভাই প্রয়োজন বুলি বিবেচনা করে। এইক্ষেত্রত সভাই অসম চৰকারে প্রণয়ন কৰা অসম লোকসেৱা আয়োগৰ বিধি (আগষ্ট-২০১৯) ইয়াৰ আধাৰতে লোকসেৱা আে পরীক্ষাসমূহ অনুষ্ঠিত হোৱাতো বিচাৰে। লগতে সম্ভাব সভাপতি প্রধান সম্পদকে বাজাভাষা আইন অনুযায়ী অসম চৰকাৰে প্ৰশাসনীয় কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে আৰু এই আইন ৰূপায়ণৰ গতিতে বাজাভাযা জন্য দোকরুহে চৰকাৰী চাকৰিত মৰণ কৰিব লাগে বুলি মত আগবঢ়ায় যাতে এনে ব্যৱস্থাৰ জৰিয়তে সকল সুফল ৰাজা প্রশাসনত সহায় কৰাৰ উপৰি অসমীয়া ভাষার শ্রীবৃদ্ধিত সহায় করে। সভার সভাপতি-প্রধান সম্পাদকে স্মাৰক পত্ৰত এই কথাও উল্লেখ করে যে সাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে ন্যায়পালিকাৰ বিষয়া-কৰ্মাণী মকবল কৰোঁতে প্ৰাৰ্থীসকলৰ অসমীয়া ভাষার জ্ঞান থকাটো গুরুত্বপূর্ণ বুলি বিবেচনা কৰি সেই সম্পৰ্কে প্ৰাৰ্থীসকলক গ্ৰীক্ষা কৰাব পোষকতা কৰিছে আৰু সেইমতে গৰীক্ষা অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় শোকসের আয়োগেও ভাৰতীয় সংবিধার অষ্টমফুটীৰ যিকোনো এটা ভাষাৰ জ্ঞান ভারতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাত বাধ্যতামূলক কৰিছে। অসম চৰকাৰৰ লোক নির্মাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল পরিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগে অসমীয়াকে ধৰি চৰকাৰী ভাষাৰ জ্ঞান তেওঁলোকৰ চাকৰিয়াল মকবলৰ বাবে যোগ্যতা নির্ণায়ক ৰূপে চিহ্নিত কৰি পৰীতা অনুষ্ঠিত কৰিছে। এনে অৱস্থাত অসম লোকসেৱা আগ্নেয়াগেও অসমীয়া আৰু অসমৰ চৰকাৰী ভাষাৰ যোগ্যতা নির্ধারণত পরীক্ষা বাতিল করা সিদ্ধান্ত অসম সাহিত্য সভাই দুর্ভাগ্যজনক বুলি অভিহিত কৰি পুনৰাব সভার স্থিতি দোহাৰি এই ক্ষেত্ৰত মুখ্যমন্ত্রীর হস্তক্ষেপ বিছাৰিছে। ইয়াৰ উপবি সভাপতি-প্রধান সম্পাদকে ইউনিক’ডত অসমীয়া লিপিব স্বতন্তৰীয়া স্থান সম্পূর্ণত চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিব লগা প্রতিবেদন আজিকোপতি নপঠোৱাত উদ্বেগ প্রকাশ কবি অতিশীয়েই এই সম্পর্কত ব্যবস্থা ল’বলৈ আহ্বান জনায়। যে এই সম্পর্কত সভাৰ তৰফৰ পৰা চাৰিখনকৈ চিঠি চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইফালে খিলঞ্জীয়া ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনৰ সকলো মাধ্যমন শিক্ষানুষ্ঠানত বাধ্যতামূলক বিষয় হিচাপে অন্তর্ভুক্ত কৰিবলৈ দাবী শুনায়। লগতে স্মাৰক পত্ৰত এই কথাও উল্লেখ কৰা হয় যে ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে তেওঁলোকৰ ৰাজ্যভাষা কেন্দ্রীয় বিদ্যালয় আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত বাধ্যতামূলক অন্তভূক্তি নিশ্চিত কৰিছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰেও নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষ্যক শিক্ষাৰ মাধ্যম কৰাৰ পোষকতা কৰাৰ কথাও জড়িত হৈ আছে। অসমো এই দিশত পিছ পৰি থাকিব নালাগে বুলি অসম সাহিত্য সভাই বিবেচনা কৰে। ইফালে সভাপতি-প্রধান সম্পসকে মুখ্যমন্ত্ৰীক অসমৰ সকলো চৰকাৰী অৰ্থৰকাৰী নিযুক্তি প্রক্রিয়াও বলুৱা খিলঞ্জীয়া লোকৰ নিযুক্তিত্বে বিবেচনা কৰিবলৈ আহ্বান জামাৱাৰ লগতে সভাপতি-প্রধান সম্পাদকে অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ নাৰায়ণপুৰ অধিবেশন সাফল্যমণ্ডিত কৰি তোলাৰ আদৰণি সমিতিয়ে প্ৰস্তুত কৰা সকলো আন্তঃগাঁথনি উন্নয়ন কবি অধিবেশন সফল বাপায়াশ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুরোধ করে। সভাৰ সভাপতি প্রধান সম্পাদকে অসম সাহিত্য সভালৈ অসম চৰকাৰে প্ৰদান কৰা বার্ষিক সাহায্য পুজির পরিমাণ পূর্বৰ অনুপাতে

অভি কম দিয়াৰ বাবেই সভা গভীৰ সংকটৰ সম্মুখীন হোৱ কথাটো মুখ্য মন্ত্ৰীক অবগত করে। যাৰ কাৰণে সভাই হাতত লোৱা বহু প্ৰকল্পৰ কাম সম্পন্ন কৰিব পৰা নাই আৰু কৰ্মচাৰীকো সবমহা দিব পঞ্চ নাই। অলপতে অসম সচিবালয়ত অনুষ্ঠিত এই আলোচনাত মুখ্য মন্ত্ৰীয়ে সভাৰ গোটেইকেইটা প্রস্তাব বিবেচনা কৰা হ’ব বুলি আশ্বাস প্রদান কৰে ॥

Leave A Reply

Your email address will not be published.